গুৱাহাটী : জটিল অস্ত্ৰোপচাৰ সম্পন্নৰ পিছত ক্ৰমাৎ সুস্থ হৈ উঠিছে আই পি এছ বৈভৱ চি নিম্বালকাৰ। অসম-মিজো সীমান্তৰ লাইলপুৰত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীত আহত হৈছিল কাছাৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বলকাৰ। কঁকালৰ লগতে শৰীৰৰ তলৰ বিভিন্ন অংশত গুলীবিদ্ধ হৈছিল আই পি এছ বিষয়াগৰাকী। মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীত কাছাৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বলকাৰ আহত হোৱাৰ লগতে ঘটনাটোত প্ৰাণ হেৰুৱাইছিল অসম আৰক্ষীৰ ৬ গৰাকীকৈ জোৱানে।

জানিব পৰা মতে আই পি এছ বিষয়া বৈভৱ চন্দ্রকান্ত নিম্বলকাৰক তিনিঘন্টা ধৰি বহু জটিল অস্ত্ৰোপচাৰ কৰাৰ পিছত চিকিৎসকে তেওঁৰ দেহৰ পৰা পাঁচোটাকৈ গুলী বাহিৰ কৰিবলৈ সক্ষম হৈছিল। বৈভৱ নিম্বলকাৰৰ চিকিৎসালয়ত সুস্থ হৈ খোজকঢ়া এখন ফটো সামাজিক মাধ্যমত ইতিমধ্যে প্ৰকাশ পাইছে। উল্লেখ্য যে, সৎ, নিষ্ঠাবান, নিৰ্ভীক, সাহসী নম্ৰ আৰক্ষী বিষয়াগৰাকীয়ে পূৰ্বতে তিনিচুকীয়া, যোৰহাট আৰু মাজুলীত সফলতাৰে আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি বিষয়াগৰাকীয়ে ডিজিপিৰ কাৰ্যালয়ত কৰ্মৰত সময়ত নিয়াৰিকৈ কাৰ্য সমাপন কৰিছিল।

মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীত গুৰুত্বৰভাৱে আহত হোৱা আই পি এছ বৈভৱ চন্দ্রকান্ত নিম্বলকাৰ ক্ৰমাৎ সুস্থ হৈ উঠিছে বুলি জানিব পাৰি ৰাজ্যবাসীয়ে সুখ অনুভৱ কৰিছে বুলি বিভিন্ন মহলৰ পৰা জানিব পৰা গৈছে। লগতে এইগৰাকী সাহসী তথা কৰ্তব্যনিষ্ঠ আৰক্ষী বিষয়াৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰি অতি সোনকালে সুস্থ হৈ উভতি অহাৰ আশা কৰিছে ৰাজ্যবাসীয়ে। উল্লেখ্য যে ২০০৯ বৰ্ষৰ আই পি এছ বিষয়া কাছাৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক নিম্বলকাৰে।অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত গুলীয়া-গুলী চলি থকাৰ সময়ত দেহত গুলী লগাৰ পিছতো মিজো আৰক্ষীক গুলী চালনা বন্ধ কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনাইছিল।

আই পি এছ বিষয়া গৰাকীয়ে ঘটনাৰ সময়ত অসম আৰক্ষীয়ে গুলী চলোৱা নাই বুলি বাৰেপতি স্পষ্টকৈ অৱগত কৰি আহিছে। বিতৰ্কিত আন্তঃৰাজ্যিক সীমান্তত মিজোৰামৰ আৰক্ষী বাহিনীৰ গুলীত আই পি এছ বিষয়া গৰাকী গুৰুত্বৰভাৱে আহত হোৱাত তেওঁক চিকিৎসাৰ বাবে বিমানেৰে মুম্বাইলৈ নিয়া হৈছিল আৰু আন্ধেৰীৰ কোকিলাবেন আম্বানী চিকিৎসালয়ত আই পি এছ বিষয়া গৰাকীৰ ৩ টা গুৰুত্বৰ অস্ত্ৰোপচাৰৰ কৰাৰ পিছত সৰ্বশেষত কঁকালৰ গুলী উলিয়াওতে গুলী ভাঙি যোৱাত অতি গুৰুত্বৰ অস্ত্ৰোপচাৰেৰে সেই গুলী উলিওৱা হয় বুলি জানিব পৰা গৈছে।