গুৱাহাটী, ১৯ ছেপ্টেম্বৰ, ২০২৩ : ৰে’ল ষ্টেচনৰ উন্নয়নৰ বাবে ৰে’ল মন্ত্ৰালয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ (Amrit Bharat Station) অধীনত ভাৰতীয় ৰে’লৱেৰ ষ্টেচনৰ উন্নীতকৰণ ও আধুনিকীকৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। চিনাক্তকৃত ১৩০৯ টা ষ্টেচনৰ ভিতৰত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধীনৰ নিউ জলপাইগুড়ী ষ্টেচনটো উন্নততৰ, অতিৰিক্ত আৰু বৰ্ধিত যাত্ৰী সুবিধা প্ৰদান কৰাৰ বাবে এক আন্তৰ্জাতিক ৰে’ল টাৰ্মিনেল হিচাপে বৃহৎ ৰূপে পুনৰ্বিকশিত কৰা হ’ব।

উন্নীতকৰণৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। বৰ্তমান, পুনৰ্বিকাশৰ কামত, প্ৰস্থান টাৰ্মিনেল ভৱনৰ স্থানত থকা বিদ্যমান নিৰ্মাণসমূহ ভাঙি পেলোৱা কাৰ্য সম্পূৰ্ণ কৰা হৈছে। ভেটিৰ বাবে খনন কাৰ্যও চলি আছে। চেকেণ্ডাৰী ষ্টেচন বিল্ডিংৰ ছাদৰ শ্লেব লৈকে ভেটি আৰু স্তম্ভ সম্পূৰ্ণ হৈছে আৰু ছাদৰ শ্লেবৰ বাবে শ্বাটাৰিং চলি আছে। আগমন-১ ভৱনৰ ২ য় মহলালৈকে ভেটি আৰু গাঁথনি সম্পূৰ্ণ হৈছে আৰু বাৰান্দা স্তৰলৈকে স্তম্ভ নিৰ্মাণৰ কাম চলি আছে।

আনহাতে পাৰ্চেল আৰু আৰএমএছ ভৱনৰ ভেটি আৰু গাঁথনি প্ৰথম মহলালৈকে সম্পূৰ্ণ হৈছে আৰু ছাদৰ শ্লেবৰ বাবে শ্বাটাৰিং চলি আছে। নতুন প্লেটফৰ্মৰ বাবে আৰ্থ ফিলিং আৰু সংকোচনৰ কাম চলি আছে। চিওপি-ৰ বাবে ষ্ট্ৰাকচাৰেল ড্ৰয়িঙৰ প্ৰস্তুতি পৰ্ব চলি আছে। পাৰ্চেল আৰু আৰএমএছ ভৱনৰ সমীপৰ এলিভেটেড ৰোডত পাইলিং কামৰ বাবে বেৰিকেডিং আৰম্ভ কৰা হৈছে আৰু সোনকালেই পাইলিং কাম আৰম্ভ হ’ব।

ছাইট অফিচ, কনফাৰেন্স ৰুমৰ ইতিমধ্যে কমিছনিং কৰা হৈছে আৰু ইউটিএছ, পিআৰএছ, এমচিঅ’ক নতুন স্থানলৈ স্থানান্তৰ কৰা হৈছে। প্ৰস্থান টাৰ্মিনেল, পোডিয়াম পাৰ্কিং, ড্ৰপ অফ কেনোপিৰ বাবে আৰ্কিটেকচাৰেল ড্ৰয়িংসমূহো চূড়ান্ত কৰা হৈছে। ষ্টেচনটোত অত্যাধুনিক যাত্ৰী সুবিধাৰে সজ্জিত এটা বিশাল ৰুফ প্লাজা থাকিব। ইয়াৰ উপৰিও ৱেটিং লাউঞ্জ, কেফেটেৰিয়া, লিফ্ট-এস্কেলেটৰ আৰু পোডিয়াম পাৰ্কিঙৰ ব্যৱস্থা কৰা হ’ব।

ইয়াৰ লগতে সমগ্ৰ ষ্টেচনত দিব্যাংগ অনুকূল কৰি তোলা হ’ব, যাৰ অধীনত ষ্টেচনত দিব্যাংগ অনুকূল সকলো সুবিধা প্ৰদান কৰা হ’ব। যাত্ৰীসকলৰ সুচল যাতায়তৰ বাবে আগমন আৰু প্ৰস্থানৰ বাবে পৃথক ব্যৱস্থা থাকিব। পৰিৱেশ সুৰক্ষাৰ বাবে, ষ্টেচনটো এটা সেউজ ভৱন হিচাপে বিকশিত কৰা হ’ব আৰু ইয়াত সৌৰ শক্তি আৰু পানী সংৰক্ষণ ব্যৱস্থাৰ ব্যৱস্থা স্থাপন কৰা হ’ব।

নিউ জলপাইগুড়ী ষ্টেচন হৈছে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্যতম বৃহৎ তথা ব্যস্ততম ৰে’ল ষ্টেচন, যি উত্তৰ-পূৰ্ব্বাঞ্চলৰ সকলো ৰাজ্যৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ বিন্দু হিচাপে কাম কৰে। পুনৰ্বিকশিত নিউ জলপাইগুড়ী ৰে’ল ষ্টেচনে কেৱল যাত্ৰীসকলক বিশ্বমানৰ সুবিধাই প্ৰদান নকৰে, বৰঞ্চ এই ষ্টেচনৰ পুনৰ্বিকাশে অঞ্চলটোৰ পৰ্যটন আৰু উদ্যোগকো বিকশিত কৰিব।