নিউজ ডেস্ক, ৫ জুলাই, ২০২৬ : উত্তৰ সীমান্ত ৰে’লৱেই (NF Railway) এই অঞ্চলৰ প্ৰথমখন মেইন লাইন ইলেক্ট্ৰিক মাল্টিপল ইউনিট (মেমু) ৰে’ল সেৱাৰ উদ্বোধন কৰি ত্ৰিপুৰা আৰু সমগ্ৰ উত্তৰ-পূৰ্ব্বাঞ্চলত যাত্ৰীবাহী পৰিবহনৰ ক্ষেত্ৰত এক যুগৰ সূচনা কৰিলে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই ৪ জুলাই, ২০২৬ তাৰিখে আগৰতলা ৰে’লৱে ষ্টেচনৰ পৰা ৰে’ল নং ৭৫৬৭৯/৭৫৬৮০ (আগৰতলা-কৰিমগঞ্জ-আগৰতলা) মেমু ৰে’লখনৰ উদ্বোধনী যাত্ৰাৰ শুভাৰম্ভ কৰে।

এই ৰে’লখন পূৰ্বে ডিজেল ইলেকট্ৰিক মাল্টিপল ইউনিট (ডেমু) হিচাপে চলাচল কৰি আছিল আৰু এতিয়া এক নতুন মেইনলাইন ইলেকট্ৰিক মাল্টিপল ইউনিট (মেমু) লৈ সফলতাৰে প্ৰতিস্থাপন আৰু উন্নীতকৰণ কৰা হৈছে, যি সংশ্লিষ্ট পথটোৰ বৈদ্যুতিকৰণৰ পিছত এক বৃহৎ প্ৰযুক্তিগত উন্নয়ন ৰূপে পৰিগণিত হৈছে। এই ঐতিহাসিক কাৰ্যসূচীয়ে সমগ্ৰ অঞ্চলটোৰ ৰে’লপথৰ দ্ৰুত বৈদ্যুতিকৰণৰ পিছত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা আধুনিকীকৰণ, বহনক্ষম পৰিবহন আৰু যাত্ৰী সুবিধা বৃদ্ধিৰ দিশত আৰু এক উল্লেখযোগ্য সফলতাৰূপে পৰিগণিত হৈছে।

এই উদ্বোধনী অনুষ্ঠানত ত্ৰিপুৰা চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা বিভাগ, পৰিবহন আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী সুশান্ত চৌধুৰী, ৰাজ্যসভাৰ সাংসদ ৰাজীৱ ভট্টাচাৰ্য, বিধায়িকা মিনা ৰাণী সৰকাৰৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ লামডিং মণ্ডলৰ মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধক তথা অন্যান্য জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গও উপস্থিত আছিল। ত্ৰিপুৰা আৰু সমগ্ৰ উত্তৰ-পূৰ্ব্বাঞ্চলত প্ৰথম মেমু ৰে’লসেৱাৰ প্ৰৱৰ্তনৰ জৰিয়তে দ্ৰুততৰ, পৰিচ্ছন্ন আৰু অধিক দক্ষ ৰে’ল সংযোগ ব্যৱস্থা প্ৰদান কৰাৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এক ঐতিহাসিক সফলতা ৰূপে পৰিগণিত হৈছে।

ডিজেল ইলেক্ট্ৰিক মাল্টিপল ইউনিট (ডেমু) ৰে’লসেৱাৰ তুলনাত মেমু ৰে’লসেৱা ইলেক্ট্ৰিক ট্ৰেকচনত চলে, যাৰ পৰিণামস্বৰূপে এই ৰে’লসেৱাসমূহ পৰিৱেশ-অনুকূল, শক্তি-দক্ষ আৰু পৰিচালনৰ ব্যয় সুলভ হৈ পৰে। ইয়াৰ গতিবেগ বৃদ্ধি আৰু হ্ৰাসৰ উন্নত ক্ষমতাই ষ্টেচনৰ মাজত দ্ৰুত গতিবেগ আৰু ভ্ৰমণ সময় হ্ৰাস কৰে। ইয়াৰ উপৰিও সুগম ভ্ৰমণ, নিম্নতম শব্দ, ৰক্ষণাবেক্ষণৰ নিম্নতম আৱশ্যকতা আৰু শূন্য নিৰ্গমনৰ বাবে ই ভাৰতীয় ৰে’লৱেৰ সেউজ আৰু বহনক্ষম পৰিবহন বাস্তৱায়নত অৰিহনা যোগাইছে।

এই নতুন আগৰতলা-কৰিমগঞ্জ-আগৰতলা মেমু ৰে’ল সেৱাই দৈনিক যাত্ৰী, ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী, ব্যৱসায়ী আৰু পৰ্যটকৰ বাবে ত্ৰিপুৰা আৰু অসমৰ আশে পাশে থকা অঞ্চলৰ মাজত এক নিৰ্ভৰযোগ্য, আৰামদায়ক আৰু পৰিৱেশ-অনুকূল পৰিবহন প্ৰদান কৰিব। উন্নত যোগাযোগে চুবুৰীয়া ৰাজ্যসমূহৰ মাজত সামাজিক-আৰ্থিক বান্ধোন দৃঢ় কৰি তোলাৰ লগতে আঞ্চলিক উন্নয়নক উৎসাহিত কৰিব আৰু এই অঞ্চলৰ জনসাধাৰণৰ বাবে সুগম ভ্ৰমণ উপলব্ধ কৰিব।

এই সেৱাই ক্ষুদ্ৰ ব্যৱসায়ী আৰু শ্ৰমজীৱীৰ বাবে সুবিধাজনক ভ্ৰমণ সক্ষম কৰি স্থানীয় ব্যৱসায়ক সাহাৰ্য প্ৰদান কৰাৰ লগতে পথ ভ্ৰমণৰ তুলনাত ৰে’ল ভ্ৰমণৰ বিস্তৃত ব্যৱহাৰক উৎসাহিত কৰিব। উত্তৰ-পূৰ্ব্বাঞ্চল আৰু ত্ৰিপুৰাত প্ৰথমখন মেমু ৰে’লসেৱা হিচাপে ৰে’ল সেৱাৰ এই অগ্রণী পদক্ষেপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ৰে’লৱে আন্তঃগাঁথনিৰ ৰূপান্তৰকৰণৰ দিশত ইয়াৰ দৃষ্টিভংগী প্ৰতিফলিত কৰাৰ লগতে যাত্ৰী অভিজ্ঞতা বৃদ্ধি কৰি এক আধুনিক, বহনক্ষম আৰু গ্ৰাহক-কেন্দ্ৰিক ৰে’ল সেৱাৰ জৰিয়তে এই অঞ্চলৰ সামগ্ৰিক বিকাশক সাহাৰ্য প্ৰদান কৰিব।