নিউজ ডেস্ক, ৩ ছেপ্টেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ১ ছেপ্টেম্বৰ তাৰিখে মণিপুৰৰ (Manipur) লোক ভৱনত ৰাজ্যখনৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ সৈতে সাক্ষাৎ কৰে। বৈঠকত ৰাজ্যখনৰ ৰে’ল সংযোগ শক্তিশালীকৰণ, যাত্ৰীসকলৰ সা-সুবিধা উন্নতকৰণ আৰু মালবাহী ৰে’ল পৰিবহণ ব্যৱস্থা উন্নতকৰণ তথা সুৰক্ষা আন্তঃগাঁথনিৰ শক্তিশালীকৰণকে ধৰি মণিপুৰত ৰে’ল সেৱা আৰু আন্তঃগাঁথনিৰ অধিক উন্নয়ন সংক্ৰান্ত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়।
চেতন কুমাৰ শ্ৰীবাস্তৱে মুখ্যমন্ত্ৰীৰ সচিবালয়ত মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙৰ সৈতেও সাক্ষাৎ কৰে। এই বৈঠকত ৰাজ্য চৰকাৰ আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰি ৰাজ্যখনৰ ৰে’ল সংযোগ, আন্তঃগাঁথনি আৰু যাত্ৰী সেৱাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰে। উক্ত বৈঠকত জিৰিবাম আৰু খোংচাংঙৰ মাজত যাত্ৰী ৰে’ল সেৱাৰ সুগম আৰু নিয়মীয়া পৰিচালন নিশ্চিত কৰাৰ বাবে বিভিন্ন ব্যৱস্থাৰ ওপৰতো আলোচনা কৰা হয়। অঞ্চলটোৰ জনসাধাৰণক নিৰ্ভৰযোগ্য আৰু সুবিধাজনক ৰে’ল সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
বৈঠকত মণিপুৰ আৰু গুৱাহাটীৰ মাজত পোনপটীয়া ৰে’ল সংযোগ স্থাপনৰ সম্ভাৱনীয়তাৰ বিষয়েও আলোচনা কৰা হয়। এনে সংযোগে ৰাজ্যখনৰ প্ৰধান চহৰ আৰু বাণিজ্যিক কেন্দ্ৰৰ সৈতে যোগাযোগ অধিক উন্নত কৰাৰ লগতে যাত্ৰীসকলক অধিক সুবিধা প্ৰদান কৰিব। বৈঠকত ভাংগাইচুংপাও আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ পথ সংযোগ উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ লগতে অধিক নিৰাপদ আৰু দক্ষ ৰে’ল পৰিচালনৰ বাবে নিৰাপত্তা আন্তঃগাঁথনি শক্তিশালী কৰাৰ ওপৰতো পৰ্যালোচনা কৰা হয়।
ৰাজ্যখনৰ মালবস্তুৰ সুগম পৰিবহণ নিশ্চিতকৰণ আৰু লজিষ্টিকছ নেটৱৰ্ক অধিক শক্তিশালীকৰণৰ উদ্দ্যেশ্যে খোংচাং টাৰ্মিনেলত মালবাহী ৰে’ল পৰিবহণ দক্ষতাৰে পৰিচালন আৰু ব্যৱস্থাপনাৰ বাবেও বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়। টাৰ্মিনেলটোত আৰঅ’ আৰঅ’ (ৰোল-অন/ৰোল-অফ) সেৱা প্ৰৱৰ্তন কৰি কাৰ্যকৰী কৰাৰ বিষয়েও আলোচনা কৰা হয়, যাতে দক্ষ ৰে’লভিত্তিক পৰিবহণ ব্যৱস্থাৰ জৰিয়তে মালবস্তু আৰু যান বাহনসমূহৰ পৰিবহণ সহজ হৈ পৰে। ইয়াৰ উপৰি জিৰিবাম-ইম্ফল নতুন ৰে’লপথ প্ৰকল্পৰ বৰ্তমানৰ স্থিতি আৰু অগ্ৰগতিৰ বিষয়ে বিতংভাৱে পৰ্যালোচনা কৰা হয়।
কৌশলগতভাৱে গুৰুত্বপূৰ্ণ এই ৰে’ল সংযোগ প্ৰকল্পটোৰ নিৰ্মাণাধীন কাম-কাজ খৰতকীয়াকৈ সম্পূৰ্ণ কৰাৰ ওপৰত আৰু নিৰ্ধাৰিত লক্ষ্যৰ দিশে অবিৰত অগ্ৰগতি নিশ্চিত কৰাৰ দিশত গুৰুত্ব আৰোপ কৰা হয়। এই আলোচনাই উন্নত ৰে’ল সংযোগৰ জৰিয়তে মণিপুৰৰ ৰে’লৱে আন্তঃগাঁথনি শক্তিশালী কৰি যাত্ৰী আৰু মালবাহী ৰে’লৰ সেৱা উন্নত কৰাৰ লগতে সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালীকৰণ তথা ৰাজ্যখনৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়নত সহায় কৰাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰতিশ্ৰুতিকেই পুনৰ দৃঢ় কৰি তুলিছে।
