নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সংস্থাৰ (এনএফআৰএছএ) ৱুশ্বু (Wushu) একাডেমিয়ে অসমৰ ওদালগুড়ীত অনুষ্ঠিত হোৱা ২৩ তম চাব-জুনিয়ৰ আৰু ২৩ তম সদৌ অসম আন্তঃ জিলা জুনিয়ৰ ৱুশ্বু চেম্পিয়নশ্বিপ ২০২৬ ৰ চাব জুনিয়ৰ শাখাৰ টাউলু বিভাগত ৰানাৰ্ছ-আপ ট্ৰফী অৰ্জন কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। ২৬ টা জিলা দল আৰু ৪০০ ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ক্ৰীড়া সংস্থাৰ ২২ জন প্ৰতিভাৱান খেলুৱৈৰে গঠিত দলটোৱে এক আকৰ্ষণীয় ক্ৰীড়া প্ৰদৰ্শন আগবঢ়াই মুঠ ৩০ টা পদক অৰ্থাৎ ৬ টা সোণৰ, ১৯ টা ৰূপৰ আৰু ৫ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা খেলুৱৈসকলৰ ভিতৰত সত্যম চক্ৰৱৰ্তীয়ে নানগুনত সোণৰ পদক, আনহাতে গ্ৰেভিল্ক মহালিয়াই নানকোয়ান আৰু নানদাও উভয় শাখাতে সোণৰ পদক অৰ্জন কৰি দলটোৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী হিচাপে পৰিগণিত হয়। নিশান্ত কুমাৰ মণ্ডলে টাইচি জিয়ান শাখাত সোণৰ পদক অৰ্জন কৰে। আনহাতে ফাৰহিন হাজৰিকা আৰু ঋষিকেশ চৰ্দাৰে ৱিং চুন শাখাত সোণৰ পদক অৰ্জন কৰি একাডেমিলৈ গৌৰৱ কঢ়িয়াই আনে। খেলুৱৈসকলৰ এই উৎকৃষ্ট ব্যক্তিগত প্ৰদৰ্শনে দলটোৰ মুঠ পদকৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৱুশ্বু একাডেমিৰ টাউলু ৰানাৰ্ছ-আপ ট্ৰফী অৰ্জন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দলটোৰ প্ৰশিক্ষক এন. চি. ৰাওৰ সুদক্ষ নিদৰ্শনাত প্ৰতিযোগিতাখন অংশগ্ৰহণ কৰে।
তেওঁৰ নিষ্ঠা আৰু খেলুৱৈসকলৰ একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমে দলটোৰ এই উৎকৃষ্ট প্ৰদৰ্শনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। এই সফলতাই যুৱ ক্ৰীড়া প্ৰতিভাক উৎসাহিত আৰু বিকশিত কৰাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অব্যাহত প্ৰতিশ্ৰুতিও প্ৰতিফলিত কৰিছে। সংস্থাটোৱে উদীয়মান খেলুৱৈসকলক তেওঁলোকৰ দক্ষতা বিকশিত কৰাৰ লগতে প্ৰতিযোগিতামূলক মঞ্চত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰি আহিছে।
এই উল্লেখযোগ্য সফলতাই যুৱ খেলুৱৈসকলক কঠোৰ পৰিশ্ৰম, অনুশাসন আৰু সমৰ্পিত মনোভাৱকে প্ৰতিফলিত কৰাৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এক সুদৃঢ় ক্ৰীড়া সংস্কৃতিকো প্ৰতিফলিত কৰিছে। খেলুৱৈসকলৰ অসাধাৰণ প্ৰদৰ্শনে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ক্ৰীড়া ক্ষেত্ৰৰ সফলতাৰ তালিকাত আন এক উল্লেখযোগ্য কৃতিত্ব সংযোজন কৰিছে। ৩০ টা পদক আৰু ৰানাৰ্ছ-আপৰ সন্মান অৰ্জন উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৱুশ্বু ক্ৰীড়াৰ ক্ৰমবৰ্ধমান শক্তি আৰু সম্ভাৱনাক প্ৰতিফলিত কৰাৰ লগতে অধিক উৎকৰ্ষ সাধনৰ বাবে যুৱ ক্ৰীড়াবিদসকলক অনুপ্ৰাণিত কৰি তুলিব।
