নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ৫ ছেপ্টেম্বৰ তাৰিখে শিলিগুড়ীস্থিত (Siliguri) ডিজেল লোকো শ্বেড আৰু শিলিগুড়ী ষ্টেচন পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত তেওঁ আন্তঃগাঁথনি উন্নয়নৰ অধীনত চলি থকা গুৰুত্বপূৰ্ণ কাম-কাজ, যাত্ৰী সুবিধা প্ৰকল্প আৰু পৰিচালনগত দক্ষতা বৃদ্ধিৰ লগতে যাত্ৰীসকলৰ সামগ্ৰিক যাত্ৰা অভিজ্ঞতা উন্নত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ পৰ্যালোচনা কৰে।

পৰিদৰ্শন কাৰ্যসূচীৰ সময়ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয় আৰু কাটিহাৰ মণ্ডলৰ জ্যেষ্ঠ বিষয়াসকলে মহাপ্ৰবন্ধকগৰাকীৰ সৈতে উপস্থিত থাকে। শিলিগুড়ীস্থিত ডিজেল লোকো শ্বেডত মহাপ্ৰবন্ধকে বিদ্যমান আন্তঃগাঁথনি, লোকোমোটিভৰ ৰক্ষণাবেক্ষণৰ সুবিধাসমূহৰ লগতে বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বুজ লয়। তেওঁ ৰক্ষণাবেক্ষণ কাৰ্যত সুৰক্ষা, নিৰ্ভৰযোগ্যতা আৰু দক্ষতাৰ উচ্চ মানদণ্ড বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে উপলব্ধ সুবিধাসমূহৰ ফলপ্ৰসূ ব্যৱহাৰ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

শিলিগুড়ী ৰে’লৱে ষ্টেচনত চেতন কুমাৰ শ্ৰীবাস্তৱে বিভিন্ন উন্নয়নমূলক আৰু যাত্ৰী সা-সুবিধা সম্পৰ্কীয় কামৰ অগ্ৰগতি পৰ্যালোচনা কৰে আৰু নিৰ্মাণাধীন তথা ভৱিষ্যতৰ পৰিকল্পনাসমূহ সন্দৰ্ভত সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আলোচনা কৰে। শিলিগুড়ীত কেইবাটাও গুৰুত্বপূৰ্ণ কামকাজ নিৰ্মাণাধীন অৱস্থাত চলি আছে। ইয়াৰ ভিতৰত অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ষ্টেচনটোৰ পুনৰ্বিকাশ অন্যতম। এই পুনৰ্বিকাশ কামসমূহৰ ভিতৰত নতুন ফুট অভাৰ ব্ৰীজ নিৰ্মাণ, প্লেটফৰ্ম নং ২ আৰু ৩ত পিপি শ্বেডৰ ব্যৱস্থা আৰু নতুন ষ্টেচন ভৱন নিৰ্মাণ অন্তৰ্ভুক্ত আছে।

মহাপ্ৰবন্ধকগৰাকীয়ে শিলিগুড়ী-আলুৱাবাৰী ৰোড আৰু শিলিগুড়ী-নিউ জলপাইগুড়ী খণ্ডত নিৰ্মাণাধীন দ্বৈত ৰে’লপথ নিৰ্মাণ কামৰো অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ নিৰ্মাণাধীন সমগ্ৰ কাম নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আধুনিক আৰু যাত্ৰী-অনুকূল ৰে’লৱে আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে কামকাজসমূহত উচ্চমানৰ গুণগত মানদণ্ড, সুৰক্ষা আৰু যাত্ৰী সুবিধা নিশ্চিত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াবৰ্গক নিৰ্দেশ দিয়ে। পৰিদৰ্শন কাৰ্যসূচীৰ অংশ হিচাপে মহাপ্ৰবন্ধকে কামাখ্যাৰ পৰা নিউ বঙাইগাঁওলৈ উইণ্ড’ ট্ৰেইলিং পৰিদৰ্শনো কৰে।

এই পৰিদৰ্শনৰ সময়ত তেওঁ ৰে’লপথৰ অৱস্থা, ৰে’লৱে আন্তঃগাঁথনি আৰু নতুনকৈ গ্ৰহণ কৰা কাম-কাজসমূহৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে উক্ত অংশত নিৰ্মাণাধীন উন্নয়নমূলক কাম-কাজসমূহৰো বুজ লয়।
পৰিদৰ্শনৰ সময়ত পৰৱৰ্তী পৰ্যালোচনা বৈঠকসমূহত মহাপ্ৰবন্ধকে ৰে’লৱে আন্তঃগাঁথনিৰ শক্তিশালীকৰণ আৰু পৰিচালনগত প্ৰদৰ্শন উন্নত কৰাৰ ক্ষেত্ৰত ৰে’লৱেৰ বিষয়া-কৰ্মচাৰীবৰ্গৰ সমৰ্পিত প্ৰয়াসৰ শলাগ লয়। তেওঁ প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰি গুণগত মানদণ্ড আৰু সুৰক্ষা মানদণ্ড কঠোৰভাৱে মানি চলাৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সমগ্ৰ এলেকাত সুৰক্ষিত, নিৰ্ভৰযোগ্য আৰু সুদক্ষ ৰে’ল সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব প্ৰদানৰ বাবে সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে।