নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই চলিত বৰ্ষৰ আগষ্ট মাহতো ইয়াৰ শক্তিশালী মালবাহী পৰিবহণৰ ধাৰা অব্যাহত ৰাখি সামগ্ৰীৰ উল্লেখনীয় আনলোডিং (Unloading) প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। মাহটোত সমগ্ৰ সংমণ্ডলটোত মুঠ ১০২১খন মালবাহী ৰেক আনলোড কৰা হয়, যিয়ে মালবাহী ৰে’লৰ পৰিবহণৰ ক্ষেত্ৰত এক শক্তিশালী আৰু উৎসাহজনক প্ৰদৰ্শন প্ৰতিফলিত কৰিছে। আগষ্ট ২০২৬ মাহৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেই অত্যাৱশ্যকীয় আৰু ঔদ্যোগিক সামগ্ৰীৰ নিৰৱচ্ছিন্ন পৰিবহণ নিশ্চিত কৰি আহিছে।

খাদ্যশস্য, খাদ্য-উপযোগী সামগ্ৰী, সাৰ, চেনী, কয়লা, নিমখ, টেংক ৱাগন আৰু অন্যান্য সামগ্ৰী সংমণ্ডলটোৰ বিভিন্ন গুডছ শ্বেডত দক্ষতাৰে আনলোড কৰা হয়। ইয়াৰ ফলত সামগ্ৰীসমূহ সময়মতে বিতৰণ কৰাৰ লগতে মালবাহী ৰে’ল সেৱাৰ নিৰ্ভৰযোগ্যতা অধিক শক্তিশালী হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ চাহিদা পূৰণৰ দিশত মালবাহী পৰিবহণৰ এক উল্লেখযোগ্য অংশ ব্যৱহাৰ কৰা হয়। অসমত সৰ্বাধিক ৫৬০ খন ৰেক আনলোড কৰা হয়, য’ত অত্যাৱশ্যকীয় আৰু আৱশ্যকীয় দুয়ো ধৰণৰ সামগ্ৰী অন্তৰ্ভুক্ত আছিল, যি ৰাজহুৱা বিতৰণ ব্যৱস্থা, ঔদ্যোগিক কামকাজ আৰু দৈনন্দিন গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণত ৰে’লৱেৰ গুৰুত্বপূৰ্ণ ভূমিকাকে পুনৰ প্ৰতিফলিত কৰিছে।

একেই সময়ছোৱাত ত্ৰিপুৰাত ৬৯ খন, নাগালেণ্ডত ১৫ খন, মণিপুৰত ১৯ খন, অৰুণাচল প্ৰদেশত ৮ খন আৰু মিজোৰামত ৬ খন ৰেক আনলোড কৰা হয়। ইয়াৰ উপৰি, পশ্চিমবংগত ১৯৩ খন আৰু বিহাৰত ১৫১ খন ৰেক আনলোড কৰা হয়। এই ৰেকসমূহত অত্যাৱশ্যকীয় আৰু আৱশ্যকীয় উভয় ধৰণৰ সামগ্ৰী আছিল। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত আঞ্চলিক যোগানৰ ধাৰাবাহিকতা, বাণিজ্যিক সংযোগ আৰু অৰ্থনৈতিক কাৰ্যকলাপ অধিক শক্তিশালী হৈছে।

অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ ধাৰাবাহিক পৰিবহণে জনসাধাৰণৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ আৰু অঞ্চলটোৰ অৰ্থনৈতিক কামকাজক সহায় কৰাৰ লগতে শক্তিশালী কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰতিটো স্তৰতে ফলপ্ৰসূ নিৰীক্ষণ ব্যৱস্থাই টাৰ্ণআৰাউণ্ড সময় হ্ৰাস কৰাত আৰু সামগ্ৰিক আনলোডিং কাৰ্যক্ষমতা উন্নত কৰাত সহায়ক হৈছে।