নিউজ ডেস্ক, ৯ জুন, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’ল সুৰক্ষা বাহিনীয়ে (RPF) ১৭ মে’ৰ পৰা ৩১ মে’ পৰ্যন্ত ৰে’ল আৰু ৰে’ল ষ্টেচনৰ নিয়মীয়া অনুসন্ধান আৰু তালাচী চলাই থকাৰ সময়ত মানৱ সৰবৰাহ আৰু ৰে’ল যাত্ৰীৰ সামগ্ৰী চুৰিৰ সৈতে জড়িত ৩২ জন ব্যক্তিক আটক কৰে। বিভিন্ন ষ্টেচন আৰু ৰে’লত অভিযান চলোৱাৰ সময়ত ৪৫ গৰাকী নাবালক আৰু ৩ গৰাকী মহিলাসহ ৪৮ জন লোকক সফলতাৰে উদ্ধাৰ কৰে আৰু বিভিন্ন স্থানৰ পৰা ৩ জন মানৱ সৰবৰাহকাৰীক আটক কৰে। একেদৰে, ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে প্ৰায় ৪,৯৫,০০০ টকা মূল্যৰ চুৰি হোৱা যাত্ৰীৰ সামগ্ৰীও উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

দলটোৱে মোবাইল ফোন, লেপটপ, বেগ, নগদ ধন আদিৰ দৰে মূল্যৱান সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে চুৰিকাণ্ডৰ সৈতে জড়িত ২৯ জন লোকক আটক কৰে। ২১ মে’ তাৰিখে নিয়মীয়া অনুসন্ধান আৰু অভিযান চলোৱাৰ সময়ত আৰপিএফ/কিষাণগঞ্জ (কেএনই) আৰু এছআইবি/কাটিহাৰ (কেআইআৰ)ৰ এটা যুটীয়া দলে কিষাণগঞ্জ ৰে’ল ষ্টেচনৰ পৰা ৩ জন নাবালকক উদ্ধাৰ কৰে। অভিযানকালত ২ জন মানৱ সৰবৰাহকাৰীকো আটক কৰি বিহিত ব্যৱস্থা বাবে নাবালক আৰু মানৱ সৰবৰাহকাৰী কেইজনক অ’চি/জিআৰপি/কিষাণগঞ্জৰ হাতত গতাই দিয়ে।

একেদৰে, ১৬ মে’ তাৰিখে জলপাইগুড়ী ৰোড ৰে’ল ষ্টেচনত আৰপিএফ/জলপাইগুড়ী ৰোড (জেপিই) আৰু আলিপুৰদুৱাৰ (এপিডিজে)ৰ এটা যুটীয়া দলে ৰে’ল নং. ১৫৬৫৮ ডাউন (ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ) ৰে’লৰ পৰা সন্ধানহীন মহিলা এগৰাকীক উদ্ধাৰ কৰে। দলটোৱে এই সন্দৰ্ভত এজন সন্দেহযুক্ত মানৱ সৰবৰাহকাৰীক আটক কৰে আৰু পিছত বিহিত ব্যৱস্থাৰ বাবে মহিলা গৰাকী আৰু মানৱ সৰবৰাহকাৰীজনক স্থানীয় আৰক্ষী কৰ্তৃপক্ষৰ হাতত গতাই দিয়ে। পৰৱৰ্তী সময়ত উদ্ধাৰ হোৱা মহিলা গৰাকীক জলপাইগুড়ী ৰোডৰ আৰপিএফ আউট পোষ্টৰ দ্বাৰা সঠিক প্ৰমাণীকৰণৰ পিছত সম্পৰ্কীয় ভাতৃৰ হাতত অৰ্পণ কৰা হয়।

১৯ মে’ তাৰিখে নিউ জলপাইগুড়ী (এনজেপি)ৰ আৰপিএফ আৰু জিআৰপি দলে এনজেপি ৰে’ল ষ্টেচনৰ পৰা দুজন লোকক আটক কৰে আৰু প্ৰায় ৭৫,০০০ টকা মূল্যৰ ৫ টা মোবাইল ফোন উদ্ধাৰ কৰে যিসমূহ ৰে’ল যাত্ৰীৰ পৰা চুৰি হৈছিল। আন এটা ঘটনাত, ১৭ মে’ তাৰিখে নিয়মীয়া অনুসন্ধান আৰু তালাচীৰ সময়ত কাটিহাৰৰ ৰে’ল, জিআৰপি আৰু চিপিডিএছৰ এটা যুটীয়া দলে ৫ জন লোকক আটক কৰে আৰু ৰে’ল যাত্ৰীৰ পৰা চুৰি হোৱা ৫ টা মোবাইল ফোন উদ্ধাৰ কৰে যাৰ মূল্য প্ৰায় ৫০,০০০ টকা। পিছত, দুয়োটা ঘটনাতে আটক হোৱা লোক কেইজনক পৰৱৰ্তী আইনী পদক্ষেপৰ বাবে উদ্ধাৰ কৰা মূল্যৱান সামগ্ৰীৰ সৈতে নিউ জলপাইগুড়ী আৰু কাটিহাৰৰ জিআৰপি আউট পোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত অৰ্পন কৰা হয়।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে যাত্ৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ কামৰ উপৰিও ৰে’ল ব্যৱহাৰকাৰীসকলক নিৰ্দেশনা আৰু সহায় আগবঢ়োৱাৰ বাবে সেৱা প্ৰদান কৰিবলৈ সদায় সাজু হৈ থাকে। ৰে’ল যাত্ৰীসকলে তেওঁলোকৰ ৰে’ল যাত্ৰাৰ সময়ত কোনো সমস্যাৰ সন্মুখীন হ’লে ১৩৯ (টোল-ফ্ৰী) ডায়েল কৰিবলৈ ৰে’ল বিভাগৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে।