নিউজ ডেস্ক, ২৯ এপ্ৰিল, ২০২৫ : অসুৰক্ষিত যাত্ৰীসকলৰ সুৰক্ষা আৰু মানৱ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত এক সুদৃঢ় প্ৰচেষ্টাৰ দিশত, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (RPF) ১ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিল পৰ্যন্ত উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। এই সময়ছোৱাত ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২ গৰাকী মহিলাৰ সৈতে মুঠ ৭১ জন নাবালক ল’ৰা আৰু ছোৱালীক উদ্ধাৰ কৰি তেওঁলোকক সুৰক্ষিতভাৱে সংশ্লিষ্ট চাইল্ড লাইন, বেচৰকাৰী সংগঠন, অভিভাৱক আৰু স্থানীয় আৰক্ষী কৰ্তৃপক্ষক পৰৱৰ্তী প্ৰয়োজনীয় ব্যৱস্থাগ্ৰহণৰ বাবে নিশ্চিত কৰে।

অপৰাধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ অংশ হিচাপে, ৰে’লৱে সুৰক্ষা বাহিনীয়ে এই অভিযানসমূহৰ সময়ত ১ জন মানৱ সৰবৰাহকাৰী আৰু ১ জন অপহৰণকাৰীকো আটক কৰে লগতে পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে উভয়কে সংশ্লিষ্ট জিআৰপি/আৰক্ষী কৰ্তৃপক্ষৰ হাতত অৰ্পন কৰা হয়। ২০২৫ বৰ্ষৰ ৯ এপ্ৰিল তাৰিখে, নিউ জলপাইগুড়ী ৰে’ল ষ্টেচনত, ৰে’লৱে সুৰক্ষা বাহিনীৰ টীমে এজন মানৱ সৰবৰাহকাৰীক আটক কৰে। এই অভিযানৰ সময়ত, তিনিজন নাবালক ল’ৰাকো উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰা নাবালকসকলৰ সৈতে আটক কৰা মানৱ সৰবৰাহকাৰীজনক আইচি/ জিআৰপি/নিউ জলপাইগুড়ীৰ হাতত অৰ্পন কৰা হয়, য’ত শিশু শ্ৰমিক নিষিদ্ধকৰণ আৰু নিয়ন্ত্ৰণ আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হয়।

একেদৰে, ৩ এপ্ৰিল তাৰিখে কিষাণগঞ্জ আৰপিএফ পোষ্টৰ এটা টীমে কিষাণগঞ্জ ৰে’ল ষ্টেচনত বিহাৰ আৰু পশ্চিম বংগৰ বিভিন্ন জিলাৰ পৰা অহা ১০ জন পলাতক নাবালক ল’ৰাক উদ্ধাৰ কৰে। উদ্ধাৰ কৰা সকলো নাবালকক সুৰক্ষিতভাৱে সঠিক পুনৰ্সংস্থাপন আৰু কাউন্সিলিঙৰ বাবে চাইল্ড লাইন, কিষাণগঞ্জৰ হাতত অৰ্পন  কৰা হয়। ৭ এপ্ৰিল তাৰিখে, নৰ্থ লখিমপুৰ ৰে’ল ষ্টেচনত, হাৰমতীৰ আৰপিএফ পোষ্টৰ টীমটোৱে এগৰাকী পলাতক নাবালিকাক উদ্ধাৰ কৰে। সঠিক প্ৰমাণীকৰণৰ পিছত নাবালিকা গৰাকীক পৰিয়ালৰ সদস্যৰ হাতত অৰ্পন কৰি সুৰক্ষিতভাৱে ঘৰলৈ পঠিওৱা হয়। ১০ এপ্ৰিল তাৰিখে আলিপুৰদুৱাৰৰ এছআইবি দলৰ সৈতে আলিপুৰদুৱাৰ জংচনৰ আৰপিএফ পোষ্টৰ টীমে আলিপুৰদুৱাৰ জংচনৰ ৰে’ল ষ্টেচনত ২ গৰাকী যুৱতীসহ ৪ জন পলাতক নাবালকক উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত এই নাবালককেইজনক সুৰক্ষিত জিম্মাৰ বাবে চাইল্ড লাইন, আলিপুৰদুৱাৰৰ হাতত অৰ্পন  কৰা হয়।

অকলে ভ্ৰমণ কৰা মহিলা যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে “মেৰী চহেলি” উদ্যোগৰ অধীনত, আৰপিএফৰ লেডী স্কোৱাডে মাৰ্চ ২০২৫ ত উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰে। এই টীমসমূহে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত বিভিন্ন ষ্টেচনত মুঠ ১,২২০ গৰাকী অকলশৰীয়া মহিলা যাত্ৰীক সহায় আগবঢ়ায় আৰু তেওঁলোকৰ সুৰক্ষিত যাত্ৰা নিশ্চিত কৰে। লগতে তেওঁলোকে ১ গৰাকী নাবালিকা আৰু ১ গৰাকী মহিলাকো উদ্ধাৰ কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে সক্ৰিয় সতৰ্কতা, সময়মতে হস্তক্ষেপ আৰু অবিৰত যাত্ৰী-অনুকূল পদক্ষেপৰ জৰিয়তে বিশেষকৈ মহিলা আৰু শিশুসকলৰ বাবে যাত্ৰীসুৰক্ষা বৃদ্ধি কৰাৰ দিশত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।