নিউজ ডেস্ক, ২৬ এপ্ৰিল, ২০২৪ : দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ (Loksabha Election) দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ। দেশৰ ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৯ টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১২০৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৫ টা সমষ্টিত ৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ইভিএমত।

শুকুৰবাৰে পুৱা ৭ বজাৰ লাগে লগে দেশৰ ১৮ সংখ্যক সাধাৰণ নিৰ্বাচনৰ বাবে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। দ্বিতীয় পৰ্যায়ত দেশৰ ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতৰ ৮৯ টা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। এই ৮৯ টা সমষ্টিৰ ভিতৰত আছে অসমৰ ৫ টা সমষ্টি। অসমৰ দৰং-ওদালগুৰি, নগাঁও, ডিফু, কৰিমগঞ্জ আৰু শিলচৰ লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে।

অসমত এই ৫ টা লোকসভা সমষ্টিত মুঠ ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰতিদ্বন্দিতা আগবঢ়োৱা এই ৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব মুঠ ৭৭০৯২৭৬ গৰাকী ভোটাৰে। ইয়াৰে ২ গৰাকী মহিলা প্ৰাৰ্থী আৰু ৫৯ গৰাকী পুৰুষ প্ৰাৰ্থী। ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে মুঠ ৯১৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰত স্থাপন কৰা হৈছে। ইয়াৰে ৪৭৩ ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ’ব। আনহাতে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৯০ টা মডেল ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন।কৰিছে নিৰ্বাচন আয়োগে।

অসমৰ লগতে ছত্তিশগড়, মণিপুৰ, ৰাজস্থান, ত্ৰিপুৰা, উত্তৰ-প্ৰদেশ, পশ্চিমবংগ, বিহাৰ, কেৰালা, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ বাবে মুঠ ১২০৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে ১০৯৮ গৰাকী পুৰুষ প্ৰাৰ্থী আৰু ১০২ গৰাকী মহিলা প্ৰাৰ্থী। আনহাতে দুগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থীও প্ৰতিদ্বন্দিতা আগবঢ়াইছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীসহ কেইবাগৰকী হাইপ্ৰ’ফাইল নেতাৰ ভাগ্য নিৰ্ণয় হ’ব। কংগ্ৰেছ নেতা ৰাহুল গান্ধী কেৰালাৰ ৱায়নাড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কংগ্ৰেছৰ আন এগৰাকী নেতা শশী থাৰুৰে প্ৰতিদ্বন্দিতা আগবঢ়াইছে তিৰুৱন্তপুৰমৰ পৰা ৰাজস্থানৰ যোধপুৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিঙ শ্বেখাৱটৰো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব। অভিনেত্ৰী হেমমালিনীয়ে বিজেপিৰ টিকটত মথুৰাৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে অভিনেতা অৰুণ গোভিলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মীৰাটৰ পৰা।