নিউজ ডেস্ক, ৯ এপ্ৰিল, ২০২৪ : ৰে’লপথসমূহৰ সঠিক অৱস্থাত ৰক্ষণাবেক্ষণ আৰু ৰে’ল যাত্ৰী (Railway Passenger) আৰু অংশীদাৰসকলক সুৰক্ষিত পৰিবহন আৰু আৰামদায়ক যাত্ৰা প্ৰদান কৰাৰ অৰ্থে, চলিত সুৰক্ষা কাৰ্য পৰিকল্পনা আৰু নিৰ্মাণ কাৰ্যৰ অংশ হিচাপে ২০২৩-২৪ বিত্তীয় বৰ্ষত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা কেইবাটাও ট্ৰেক নৱীকৰণৰ কাম হাতত লোৱা হয়। এই ট্ৰেক নৱীকৰণৰ কাৰ্যসমূহে বিগত বিত্তীয় বৰ্ষত নিৰ্ধাৰিত বাৰ্ষিক লক্ষ্য অতিক্ৰম কৰি এই সংমণ্ডলটোৱে কৰা উল্লেখযোগ্য কামসমূহৰ নিদৰ্শন দাঙি ধৰিছে। 

২০২৩-২৪ বিত্তীয় বৰ্ষৰ চলি থকা সুৰক্ষা কাৰ্য পৰিকল্পনাৰ অংশ হিচাপে ৰে’ল নৱীকৰণৰ ২৫৭.৯৮ ট্ৰেক কিলোমিটাৰ, শ্লীপাৰ নৱীকৰণৰ ২১০.৭১ ট্ৰেক কিলোমিটাৰ আৰু সম্পূৰ্ণ ট্ৰেক নৱীকৰণ কামৰ ২৬৪.১৬ চিটিআৰ ইউনিট সম্পূৰ্ণ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰে’লৱেই ৫ লাখ ঘন মিটাৰ লক্ষ্যৰ বিপৰীতে বালাষ্টিং কাৰ্যত ৭.২৭ লাখ ঘন মিটাৰ অগ্ৰগতি অৰ্জন কৰিছে যিটো বিগত বৰ্ষৰ বছৰৰ ৬.৩৪ লাখ ঘন মিটাৰ অগ্ৰগতিক অতিক্ৰম কৰি সৰ্বাধিক অগ্ৰগতি হিচাপে চিহ্নিত হৈছে। ইয়াৰ উপৰিও, ২০২২-২৩ বৰ্ষৰ অগ্ৰগতিৰ সময়ছোৱাত ৩৫ টা থিক ৱেব চুইচৰ তুলনাত ১৩৪ টা থিক ৱেব চুইচৰ স্থাপন কৰা হৈছে।

পথ সুৰক্ষা কাৰ্যৰ অংশ হিচাপে, পথ আৰু ৰে’ল ব্যৱহাৰকাৰী উভয়ৰে চলাচল সহজ কৰাৰ বাবে, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ভিতৰত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সময়ছোৱাত ১৯ খন মানৱযুক্ত লেভেল ক্ৰছিং অপসাৰণ কৰাৰ লগতে ২০ খন ৰোড অভাৰ ব্ৰীজ (আৰ.ও.বি.) আৰু ৪৮ খন ৰোড আণ্ডাৰ ব্ৰীজ (আৰ.ইউ.বি.) মুকলি কৰা হয়। তদুপৰি, মাৰ্চ ২০২৪ লৈকে, ১১৮.২০ কিলোমিটাৰ লুপ লাইনৰ সৰ্বাধিক গতিবেগৰ সীমা ৩০ কিমি প্ৰতি ঘণ্টালৈ বৃদ্ধি কৰা হয় আৰু ৮০৩.৫ কিলোমিটাৰৰ খণ্ডগত গতি বেগ ১১০ কিমি প্ৰতি ঘণ্টালৈ বৃদ্ধি কৰা হয়। খণ্ডগত গতিবেগ ৪২ শতাংশ অগ্ৰগতি লাভ কৰিছে।

লগতে, বাৰিষা ঋতুত বানপানীৰ সমস্যা হ্ৰাস কৰিবলৈ ৯ টা অতিৰিক্ত জলপথ নিৰ্মাণ কৰা হৈছে। ষ্ট্ৰাকচাৰেল হেল্থ মণিটৰিং, নদীৰ তলৰ ত্ৰিমাত্ৰিক স্কেনিং, আৰ.ও.আৰ.ভি’ৰ দ্বাৰা পানী নিৰীক্ষণৰ অধীনত আধুনিক নিৰীক্ষণ কৌশল (ৰিম’ট অপাৰেটেড ৰবটিক ভেহিকেল), স্কোৰ মনিটৰিং আৰু পানীৰ স্তৰ নিৰীক্ষণৰ দৰে আধুনিক নিৰীক্ষণ কৌশলো ৰে’লৱে সেতু নিৰীক্ষণৰ বাবে প্ৰৱৰ্তন কৰা হৈছে।

নিয়মীয়া ব্যৱধানত ট্ৰেকৰ তত্বাৱধানৰ ফলত ৰে’লৰ সুগম পৰিচালন সম্ভৱ হৈ উঠিছে আৰু যাত্ৰীসকলৰ বাবে উন্নত যাত্ৰাৰ অভিজ্ঞতা প্ৰদান কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অভিযান্ত্ৰিক বিভাগৰ দ্বাৰা ৰেলপথৰ বাবে সুৰক্ষা ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব প্ৰদানৰ জৰিয়তে বৰ্ধিত গতিবেগ আৰু উন্নত ৰেল পৰিচালন অভিজ্ঞতাৰ সৈতে ৰেলসমূহ সুৰক্ষিতভাৱে চলাচল কৰিছে।