ৰঙিয়া, ৮ এপ্ৰিল, ২০২৪ : এছ টি এফ বাহিনীৰ আন এক বৃহৎ সাফল্য। জব্দ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ (Drugs Seized)। আটক পশ্চিম বংগৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে অসমৰ এজন ড্ৰাগছ সৰবৰাহকাৰী। এখন বাহনত অতি কৌশলেৰে লুকুৱাই আনিছিল ড্ৰাগছখিনি। মণিপুৰৰ পৰা ৰঙিয়াৰ এজন যুৱকে ড্ৰাগছখিনি আনি বিক্ৰী কৰিছিল পশ্চিম বংগৰ দুই যুৱকক। অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত আছে।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। এখন বাহনৰ পৰা জব্দ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি ৫০ লাখ টকা বুলি জানিব পৰা গৈছে। জব্দকৃত ড্ৰাগছখিনি হৈছে ১০ হাজাৰ য়াবা টেবলেট। এই বুজন পৰিমাণৰ ড্ৰাগছখিনিৰ লগত আটক হোৱা তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল।

কামৰূপ জিলাৰ ৰঙিয়াত এছ।টি এফ বাহিনীয়ে এখন বাহনৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। বাহনখনৰ পৰা আৰক্ষীয়ে ১০ হাজাৰ নিচাযুক্ত য়াবা টেবলেট জব্দ কৰিছে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে এখন বাহনত তালাচী চলাই এই বুজন পৰিমাণৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত এই বুজন পৰিমাণৰ ড্ৰাগছখিনিৰ বজাৰ মূল্য ২ কোটি ৫০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

দেওবাৰে নিশাৰ ভাগত এছ টি এফ বাহিনীৰ এটা দলে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বুজন পৰিমাণৰ য়াবা টেবলেট জব্দ কৰে। অভিযানকাৰী দলটোৱে পশ্চিম বংগৰ ডব্লিউবি-৮৬-ডি-৭৯০৭ নম্বৰৰ এখন বাহনত তালাচী চলাই বাহনখনত অতি কৌশলেৰে লুকুৱাই অনা ১০ হাজাৰ নিচাযুক্ত য়াবা টেবলেট জব্দ কৰে। এই বুজন পৰিমাণৰ য়াবা টেবলেটৰ লগতে এছ টি এফ বাহিনীয়ে পশ্চিম বংগৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক আটক কৰে।

জানিব পৰা মতে মণিপুৰৰ পৰা এই বুজন পৰিমাণৰ য়াবা টেবলেটখিনি আনি কোচ বিহাৰৰ দুই যুৱকক বিক্ৰী কৰিছিল ৰঙিয়াৰ খন্দিকৰৰ ইমৰান হুছেইন নামৰ এজন যুৱকে। ৰঙিয়াৰ পৰা এই য়াবা টেবলেটখিনি ক্ৰয় কৰিছিল কোচ বিহাৰৰ দুই ধৃত যুৱক ক্ৰমে ৰচিদুল মিঞা আৰু নয়ন মিঞা। এছ টি এফ বাহিনীয়ে পশ্চিম বংগৰ ৰচিদুল মিঞা আৰু নয়ন মিঞাৰ লগতে ৰঙিয়াৰ খন্দিকৰৰ ইমৰান হুছেইনক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।