ছৰফৰাজ খান

৩ ডিচেম্বৰঃ উত্তৰ পূৱ সীমান্ত ৰেল বিভাগৰ প্লেন ‘বি’ সফল হৈছে। মাত্ৰ ৩০ ছেকেণ্ডৰ ভিতৰত প্লেন ‘বি’ শৈষম হৈছে দুর্ঘটনা ৰোধ কৰিবলৈ। প্লেন ‘বি’ হৈছে উত্তৰ পূব সীমান্ত ৰেল বিভাগৰ এক পৰীক্ষামূলক ব্যৱস্থা যাৰ প্ৰয়োগ কৰি ৰেল বিভাগে সফলতা লাভ কৰিছে বনৰীয়া হাতীৰ প্ৰাণ ৰক্ষা কৰাত। প্লেন ‘বি'(মৌমাখি)ৰ গুঞ্জনৰ শব্দ ব্যৱহাৰ কৰি ৰেল বিভাগে সফলতা লাভ কৰিছে বনৰীয়া হাতীক ৰেল লাইনৰ পৰা আঁতৰাবলৈ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহোঁতে বিভিন্ন সময়ত ৰেল লাইন পাৰ কৰিবলৈ লওঁতে ৰেলৰ খুন্দাত বনৰীয়া হাতীক মৃত্যু হোৱাৰ পৰা ৰক্ষা কৰিবলৈ উত্তৰ পূৱ ৰেলৱেই এই ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰথম অৱস্থাত তিনি ঠাইত এই ব্যৱস্থা পৰীক্ষামূলক ভাবে গ্ৰহণ কৰা হৈছে। মহানগৰীৰ সমীপৱৰ্তী দ্বীপৰ বিল বনৰীয়া হাতীৰ বিচৰণ ভূমি আৰু দ্বীপৰ বিলৰ মাজেৰে পাৰ হৈ গৈছে উত্তৰ পূব ৰেলৱেইৰ ৰেল লাইন। দ্বীপৰ বিলৰ ৰেল লাইনত ৰেলৰ খুন্দাত বহুতো হাতীৰ মৃত্যু হৈছে গতিকে ৰেল বিভাগে দ্বীপৰ বিলত থকা ৰেল গেটত সংযোগ কৰিছে মৌমাখিৰ গুঞ্জন সৃষ্টি কৰিব পৰা এক যন্ত্ৰ।

খাদ্যৰ সন্ধানত বনৰীয়া হাতী দ্বীপৰ বিললৈ আহোঁতে ৰেল লাইনত উঠাৰ লগে লগে ৰেল গোটত কৰ্তব্যৰত বেক্তিজনে মৌমাখিৰ গুঞ্জন সৃষ্টি কৰা যন্ত্ৰতো বজাই দিয়ে। যন্ত্ৰতোৰ পৰা ওলাই অহা মৌমাখিৰ গুঞ্জনৰ শব্দ শুনাৰ মাত্ৰ ৩০ ছেকেণ্ডৰ ভিতৰতে বনৰীয়া হাতীয়ে ৰেল লাইন ত্যাগ কৰি অন্য ঠাইলৈ গুচি যায়। ইয়াৰ ফলস্বৰূপে ৰেলৰ খুন্দাৰ পৰা হাতী ৰক্ষা পৰে। ইয়াৰ পূৰ্বেও ৰেল বিভাগে ৰেল লাইনৰ পৰা হাতীক আঁতৰাবলৈ বিভিন্ন ব্যৱস্থা হাতত লৈছিল যদিও প্লেন ‘বি’ এতিয়ালৈকে আটাইতকৈ সফল হোৱা বুলি দ্বীপৰ বিলৰ ৰেল গেটত থকা ৰেল বিভাগৰ এজন কৰ্মচাৰীয়ে জানিবলৈ দিছে। হাতীয়ে মৌমাখিৰ গুঞ্জন শুনিলে আঁতৰি যায় কাৰণ হাতীয়ে মৌমাখিক ভয় কৰে। উল্লেখ্য যে উত্তৰ পূব ৰেল বিভাগৰ মতে ২০১৬ চনত ৰেলৰ খুন্দাত ১৬তা হাতীৰ মৃত্যু হৈছিল আৰু ২০১৭ বৰ্তমানলৈকে ৬তাকৈ হাতীৰ ৰেলৰ খুন্দাত মৃত্যু হৈছে। ৰেল বিভাগৰ এই পৰীক্ষামূলক ব্যৱস্থা যদি সম্পূৰ্ণৰূপে সফল হয় তেন্তে ৰেলৰ খুন্দাৰ পৰা হাতীক ৰক্ষা কৰাৰ লগতে এই ব্যস্থাৰ প্ৰয়োগ কৰি হাতী মানুহৰ সংঘাতও কিছু পৰিমানে নিয়ন্ত্ৰণত আনিব পৰা যাব। বন বিভাগৰ তথ্য মতে ৰাজ্যত ৫,৬২০ হাতী আছে আৰু যোৱা দহ বছৰত ৰাজ্যত ৰেলৰ খুন্দা আৰু হাতী মানুহৰ সংঘাতত ২২৫তা হাতীৰ মৃত্যু হৈছে।