অনলাইন ডেস্ক সংবাদ ৩৬৫, ২৮ মেঃ ভাৰত-পাকিস্থানৰ সীমান্তত তীব্ৰ উৎকন্ঠাময় পৰিবেশ বিৰাজ কৰি থকা সময়তে আজি ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত অবৈধ অনুপ্ৰবেশকাৰীৰ এটা দলৰ প্ৰৱেশৰ প্ৰচেষ্টা প্ৰতিৰোধ কৰিবলৈ সক্ষম হয়৷ ভাৰতীয় সেনাৰ দলটোৰ অভিযানত এজন অনুপ্ৰৱেশকাৰীৰ নিহত হয়৷ সেনাৰ এজন অধিকাৰীয়ে জানিবলৈ দিয়া মতে, পুংছ জিলাৰ কৃষ্ণঘাটী অঞ্চলত ভাৰতীয় সেনাৰ জোৱান সকলে নিশা ২.৩০ বজাত কিছু সন্দেহজনক গতি-বিধি লক্ষ্য কৰে৷ অভিযানত নিহত মৃত অনুপ্ৰৱেশকাৰী জনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই৷ এই ঘটনাৰ পিছতেই কাশ্মীৰৰ কেৰত চেক্টৰত পাকিস্থানী সেনাই সীমান্তৰ যুদ্ধ নীতি উলংঘন কৰি অহৰহ গুলিবৰ্ষণ কৰে৷ এই গুলিবৰ্ষণত এজন ভাৰতীয় সৈন্য নিহত হোৱাৰ লগতে অন্য এজন জোৱান গুৰুতৰ ভাবে আহত হয়৷ নিহত সেনা জোৱানজনৰ মৃতদেহ পৰিয়াল বৰ্গক চমজাই দিয়া হয়৷ আনহাতে আহত জোৱান জনৰ চিকিৎসাৰ কাৰণে চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে৷ উল্লেখ্য যে, জন্মু-কাশ্মীৰত কূটাঘাটমূলক কাৰ্য-কলাপ সংঘটিত কৰাৰ লক্ষ্যৰে ১৫০ জনতকৈ অধিক আতংকবাদীৰ এটা দলে ভাৰতত প্ৰবেশৰ চেষ্টা চলোৱাৰ কথা গোপন সূত্ৰৰ জড়িয়তে জানিব পৰা গৈছে৷ এই তথ্য লাভৰ পিছত ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত হাই এলাৰ্ট জাৰি কৰিছে আৰু অবৈধ অনুপ্ৰবেশকাৰীৰ প্ৰৱেশত প্ৰতিৰোধ কৰিবলৈ নিয়ন্ত্ৰণ ৰেখাৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিছে৷