গুৱাহাটী, ১০ ছেপ্টেম্বৰ, ২০২৪ : অসমৰ ময়ূৰী বৰ্মন আৰু শান্তিপ্ৰিয়া হাজৰিকাই চলিত য়’নেক্স-ছানৰাইজ উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন (Badminton) প্ৰতিযোগিতাৰ মহিলা আৰু জুনিয়ৰ ছোৱালীৰ একক শাখাৰ খিতাপ লাভ কৰিছে৷ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ আজি হোৱা ফাইনেলত ময়ূৰীয়ে অসমৰে ছুজেন বুঢ়াগোঁহাইক ২১-৪, ২১-১৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে৷
ইফালে, ১৯ বছৰ অনূৰ্ধ জুনিয়ৰৰ ছোৱালীৰ একক শাখাৰ ফাইনেলত অসম কন্যা শান্তিপ্ৰিয়াই মিজোৰামৰ লালৰিনকিমিক ২১-১২, ২১-১১ ৰ পোনপটিয়া ব্যৱধানত হৰুৱাই খিতাপ দখল কৰিবলৈ সক্ষম হয়৷ বেডমিণ্টন এছ’চিয়েচন অব ইণ্ডিয়া (বাই)ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনৰ ছিনিয়ৰ আৰু জুনিয়ৰ উভয় শাখাৰে মিক্সড ডাবলছৰো চেম্পিয়ন ট্ৰফী অসমৰ শ্বাটলাৰে অৰ্জন কৰে৷
সংগ্ৰাম চুতীয়া আৰু মনালী বৰাৰে গঠিত অসমৰ যুটিটোৱে ফাইনেলত নাগালেণ্ডক ২১-১২, ২১-১০ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি খিতাপ হস্তগত কৰাৰ বিপৰীতে জুনিয়ৰ মিক্সড ডাবলছৰ ফাইনেলত অসমৰ শুভাংকৰ দত্ত আৰু ভাৱিষ্যা চাংমাই যুটিয়ে মনিপুৰক ২১-১৪, ২১-১১ ৰ পোনপটিয়া ব্যৱধানত হৰুৱাই সোণৰ পদক লাভ কৰে৷ ইফালে, অসমৰ শ্বাটলাৰে পুৰুষ-মহিলা আৰু জুনিয়ৰ ল’ৰা-ছোৱালীৰ ডাবলছ শাখাৰ ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে৷
অৱশ্যে ল’ৰাৰ ডাবলছৰ ফাইনেলত মনিপুৰৰ বিৰুদ্ধে অসমৰ আলবিৰ আমন আৰু ৰিতু প্ৰতিম বৰা ২১-১৪, ২১-১৮ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰে৷ পুৰুষ-মহিলা আৰু ছোৱালীৰ ডাবলছ শাখাৰ তিনিখন ফাইনেলৰ লগতে ল’ৰা আৰু পুৰুষৰ একক শাখাৰ খিতাপৰ যুঁজ নিশালৈ অনুষ্ঠিত হ’ব বুলি অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনাইছে৷