নিউজ ডেস্ক, ২১ অক্টোবৰ, ২০২৪ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (RPF) ২১ অক্টোবৰ, ২০২৪ তাৰিখে আৰক্ষী স্মৃতি দিৱস উদযাপন কৰে। কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া সমগ্ৰ দেশৰ আৰপিএফ জোৱানসকলৰ সাহসিকতা, ত্যাগ আৰু নিষ্ঠাৰ প্ৰতি সন্মান জনাই মালিগাঁৱৰ আৰ পি এফ ৰিজাৰ্ভ লাইনত এই অনুষ্ঠান উদযাপন কৰা হয়।

বৃহত্তৰ গুৱাহাটী অঞ্চলৰ কৰ্মৰত জোৱানসকলৰ সৈতে আৰপিএফৰ জ্যেষ্ঠ বিষয়াবৰ্গই এই সাহসী জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণীতে আৰপিএফ বাহিনীৰ দ্বাৰা এক গাম্ভীৰ্যপূৰ্ণ পেৰেড অনুষ্ঠিত কৰা হয়, ইয়াৰ পিছতেই প্ৰাণ আহুতি দিয়া বীৰ নায়কসকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

ইয়াৰ উপৰিও জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্ৰত আৰপিএফে পালন কৰি অহা উল্লেখযোগ্য ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, বিশেষকৈ ট্ৰেইনৰ সুৰক্ষাৰ ক্ষেত্ৰত, যি হৈছে দেশৰ বাবে এক অন্যতম জীৱনৰেখা। অনুষ্ঠানটোত ৰে’ল সেৱাৰ সুগম আৰু সুৰক্ষিত কাৰ্যকলাপ নিশ্চিত কৰাৰ দিশত ৰে’লৱে নিৰাপত্তা শাখাৰ নিষ্ঠা, সাহস আৰু অমূল্য অৱদানৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা হয়।

অনুষ্ঠানৰ সামৰণি ভাষণত ন্যায় আৰু সেৱাৰ মূল্যবোধৰ প্ৰতি ঐক্য আৰু নৱীকৃত সমৰ্পণৰ প্ৰতি আহ্বান জনোৱা হয়, যাৰ ফলত উপস্থিতসকলক সমাজখনক অধিক দায়িত্বশীলভাৱে সুৰক্ষা দিয়াৰ অভিযান অব্যাহত ৰাখিবলৈ অনুপ্ৰাণিত কৰা হয়।