নিউজ ডেস্ক, ১৪ মে’, ২০২৪: ৰে’ল আৰু ৰে’ল চৌহদৰ পৰা চুৰি হোৱা আৰু হেৰুওৱা মোবাইল ফোনসমূহৰ ট্ৰেচিং (Mobile Phone Tracing) এতিয়া উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সুৰক্ষা বাহিনীৰ (RPF) বাবে সহজ হৈ পৰিছে। যাত্ৰীয়ে এবাৰ ৰে’ল মদদ এপত তেওঁলোকৰ হেৰুওৱা/চুৰি হোৱা মোবাইল ফোনৰ ৰিপৰ্ট প্ৰেৰণ কৰাৰ লগে লগে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ চাইবাৰ অপৰাধ শাখাই দূৰসংযোগ বিভাগৰ চেন্ট্ৰেল ইকুইপমেন্ট আইডেন্টিটি ৰেজিষ্টাৰ পৰ্টেলৰ সহায়ত হেৰুওৱা মোবাইলটো ট্ৰেচিঙত সহায় কৰে।
এতিয়া, পৰ্টেলটোৱে অসমৰ টেলিকম সেৱা নেটৱৰ্কত এনে হেৰুওৱা ডিভাইচসমূহৰ ট্ৰেচিঙত সহায় কৰিব। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ প্ৰধান মুখ্য সুৰক্ষা আয়ুক্ত গুৱাহাটীৰ স্থানীয় আৰক্ষী আৰু আইন বলবৎকাৰী সংস্থাসমূহৰ সৈতে সমন্বয় সাধন কৰি উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বাবে চিইআইআৰৰ প্ৰয়োগ পৰিকল্পনা প্ৰস্তুত কৰিছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ পিচিএছচি কাৰ্যালয়ৰ প্ৰতিনিধিয়ে নতুন দিল্লীৰ যোগাযোগ মন্ত্ৰালয়ৰ সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে সমন্বয় সাধন কৰিছে। বিতং আলোচনা আৰু বিবেচনাৰ পিছত, পাইলট প্ৰকল্প হিচাপে অসম ৰাজ্যৰ বাবে আৰপিএফ/উত্তৰ পূব সীমান্ত ৰে’লৱেক চিইআইআৰ পৰ্টেলৰ অ্যাক্সেস সুবিধা প্ৰদান কৰা হয়।
১৯ এপ্ৰিল, ২০২৪ তাৰিখে চিআইডি-হেড কোৱাৰ্টাৰ/অসমৰ সৈতে সমন্বয় সাধেনেৰে চিইআইআৰ বিষয়াবৰ্গৰ জৰিয়তে ডিওটিৰ দ্বাৰা চিএছচি/উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বাবে এক ইউজাৰ আইডি আৰু পাছৱৰ্ডৰ সৃষ্টি কৰা হয়। ২২ এপ্ৰিল, ২০২৪ তাৰিখে, আৰপিএফ/উত্তৰ পূব সীমান্ত ৰে’লৱেই চিইআইআৰ পৰ্টেলত হেৰুওৱা/চুৰি হোৱা মোবাইলৰ তথ্য আপলোড কৰি কাম আৰম্ভ কৰিছে। ৯ মে’, ২০২৪ তাৰিখলৈকে, আৰপিএফ/উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা চিইআইআৰ পৰ্টেলৰ জৰিয়তে ৩৬ টা হেৰুওৱা/চুৰি হোৱা মোবাইল ব্লক কৰা হয়।
এতিয়ালৈকে হেৰুওৱা/চুৰি হোৱা ম’বাইলৰ চিইআইআৰ’ত ১৫ টা ম’বাইল সক্ৰিয় আৰু ট্ৰেচেবিলিটি তথ্য প্ৰাপ্ত কৰা হৈছে। ১৫ টা মোবাইলৰ ভিতৰত, ৩ জন অপৰাধী আৰু ১ টা ৰিচিভাৰ আটক কৰি ৭ টা মোবাইল সফলতাৰে উদ্ধাৰ কৰা হৈছে আৰু আৰপিএফ/উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা উদ্ধাৰ কৰা হৈছে। চিইআইআৰৰ প্ৰৱেশাধিকাৰে আৰপিএফ/উত্তৰ পূব সীমান্ত ৰে’লৱেক অসম ৰাজ্যৰ ভিতৰৰ ৰে’ল আৰু ৰে’লৱে পৰিসৰৰ পৰা চেল-ফোন চুৰি কাৰ্য ফলপ্ৰসূভাৱে চিনাক্ত কৰিবলৈ সুবিধা প্ৰদান কৰিছে। ৰে’লৱে সুৰক্ষা বাহিনী/ উত্তৰ পূব সীমান্ত ৰে’লৱে হৈছে ভাৰতীয় ৰে’লৱেৰ প্ৰথমটো জোনেল ৰে’লৱে বাহিনী যিয়ে এই চিইআইআৰ সুবিধা লাভ কৰিছে। আৰপিএফ/উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ অধিক্ষেত্ৰৰ অধীনৰ সকলো ৰাজ্যতে চিইআইআৰ সুবিধা ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে।
ৰে’লৰ কম্পাৰ্টমেণ্টৰ ভিতৰত আৰু ৰে’লৱে পৰিসৰৰ পৰা চেল-ফোন চুৰি হোৱাৰ ঘটনা এক উদ্বেগৰ বিষয়, যাৰ ফলত আৰপিএফৰ কামৰ ওপৰত চাপ বৃদ্ধি হৈছে। অপৰাধীসকলক ধৰা পেলাবলৈ সৰ্বাত্মক প্ৰয়াস গ্ৰহণ কৰাৰ স্বত্বেও; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ কামৰ পদ্ধতিত প্ৰায়েই পদ্ধতিগত তথা প্ৰতিষ্ঠানগত সমৰ্থনৰ অভাৱ আৰু নৈমত্তিক অভিপ্ৰায় প্ৰতীয়মান হয়। ইয়াক দূৰ কৰিবলৈ, চিইআইআৰ পৰ্টেলৰ অ্যাক্সেস এনে ধৰণৰ বিপদৰ সৈতে মোকাবিলা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।