নিউজ ডেস্ক, ৩১ ডিচেম্বৰ, ২০২৪ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১ জানুৱাৰী, ২০২৫ তাৰিখৰ পৰা ৰে’লৰ নতুন সময়সূচী (Railway Time Table) কাৰ্যকৰী কৰিবলৈ সাজু হৈছে। উন্নীতকৰণ, যাত্ৰীৰ সা-সুবিধাসমূহ অধিক বৃদ্ধি কৰা আৰু সমগ্ৰ অঞ্চলটোত পৰিচালন দক্ষতাৰ ত্বৰান্বিতকৰণ সুশৃংখল কৰাৰ লক্ষ্যৰে বহুতো পৰিৱৰ্তন আনিব। নতুন সময়সূচীৰ তালিকাৰ এক গুৰুত্বপূৰ্ণ বিশেষত্ব হৈছে ৪৩ খন ৰে’লৰ দ্ৰুতগতিৰে পৰিচালনা কৰি গুৰুত্বপূৰ্ণ পথসমূহত ভ্ৰমণৰ সময় যথেষ্ট হ্ৰাস কৰা হ’ব।

উদাহৰণ স্বৰূপে, এছএমভিটি বেংগালুৰু-নিউ তিনিচুকীয়া এক্সপ্ৰেছ (ৰে’ল নং ২২৫০১) এতিয়া ১২০ মিনিট দ্ৰুতগতিত চলিব, আনহাতে কামাখ্যা-গোমতী নগৰ এক্সপ্ৰেছৰ (ৰে’ল নং ১৫০৭৭) ৭৫ মিনিট ৰাহি হ’ব। একেদৰে, ডিব্ৰুগড়-হাওৰা এক্সপ্ৰেছৰ (ৰে’ল নং ১৫৯৬২) ত ভ্ৰমণৰ সময় ৬০ মিনিট হ্ৰাস হ’ব। এই পৰিৱৰ্তনসমূহে যাত্ৰীসকলৰ বাবে দ্ৰুত আৰু অধিক সা-সুবিধা প্ৰদান কৰাৰ দিশত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।

তদুপৰি, ২৪ খন এক্সপ্ৰেছ ৰে’লৰ সময়সূচী যাত্ৰীৰ প্ৰয়োজনীয়তাৰ সৈতে নিয়মিতভাৱে পৰিচালনা কৰিবলৈ এক্সপ্ৰেছ ৰে’লৰ সংশোধন কৰা হৈছে। উদাহৰণ স্বৰূপে, নিউ জলপাইগুড়ী-নিউ দিল্লী এক্সপ্ৰেছ (ৰে’ল নং ১২৫২৩) এতিয়া নিউ জলপাইগুড়ীৰ পৰা ৮:৪৫ বজাত প্ৰস্থান কৰিব, আনহাতে শিলচৰ-তিৰুৱন্তপুৰম চেণ্ট্ৰেল এক্সপ্ৰেছ (ৰে’ল নং ১২৫০৮) ১৯:৩০ বজাত শিলচৰৰ পৰা ৰাওনা হ’ব। ইয়াৰ উপৰিও, ১৬ খন ইন্ট্ৰা জোনেল মেইল/এক্সপ্ৰেছ ৰে’ল আৰু ২৩ খন ডেমু ৰে’লৰ সময়সূচী সংশোধন কৰা হৈছে। এই পৰিৱৰ্তনসমূহৰ উদ্দেশ্য হৈছে সংযোগ উন্নত কৰা আৰু যাত্ৰীসকলৰ বাবে সুগম ভ্ৰমণৰ অভিজ্ঞতা নিশ্চিত কৰা।

উত্তৰ পূব সীমান্ত ৰে’লৱেই যাত্ৰীসকলৰ বাবে এক নিৰৱচ্ছিন্ন আৰু বৰ্ধিত ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। নতুন সময়সূচীৰ পৰিৱৰ্তনসমূহে ৰে’ল পৰিচালনৰ উন্নতকৰণ, ৰে’ল সংযোগ সম্প্ৰসাৰিত কৰা আৰু যাত্ৰীৰ প্ৰয়োজনীয়তাসমূহ ফলপ্ৰসুভাৱে কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইট আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত উপলব্ধ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে সেই বিস্তৃত বিৱৰণসমূহ অৱলোকন কৰিবলৈ ৰে’ল বিভাগৰ ফালৰ পৰা অনুৰোধ জনোৱা হয়।