নিউজ ডেস্ক, ২৭ মাৰ্চ, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰে’লৰ যাত্ৰা (Rail Journey) অধিক নিৰাপদ আৰু সুৰক্ষিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। উত্তৰ পূব সীমান্ত ৰে’লৱে ইয়াৰ চিগনেলিং প্ৰণালী উন্নীতকৰণ আৰু ৰক্ষণাবেক্ষণৰ বাবে কাৰিকৰীভাৱে উন্নত ব্যৱস্থা গ্ৰহণ কৰি আহিছে। চিগনেলিং হৈছে ৰে’লৰ চলাচল নিয়ন্ত্ৰণ কৰিবলৈ আৰু চালক আৰু অপাৰেটৰসকলক তথ্য প্ৰদান কৰিবলৈ সংকেত ব্যৱহৃত এক যোগাযোগ প্ৰণালী।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ পাঁচোটা মণ্ডলতে অৰ্থাৎ তিনিচুকীয়া, লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ আৰু কাটিহাৰত এই শক্তিশালীকৰণ প্ৰক্ৰিয়াটো আৰম্ভ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰে’লৱেই নিয়মীয়াকৈ চিগনেলিং প্ৰণালীত কেইবাটাও স্বয়ংক্ৰিয় পৰীক্ষা কৰে যাৰ দ্বাৰা মানৱীয় ত্ৰুটিবোৰ পৰীক্ষা কৰা হয় আৰু তাক আঁতৰ কৰা হয়। ইয়াৰ উপৰিও, প্ৰয়োজন অনুসৰি চিগনেলিং ব্যৱস্থাপ্ৰণালীত আপগ্ৰেডেশনৰ সৈতে প্ৰতিস্থাপন আৰু নতুন স্থাপন কৰা হয়। অধিক দক্ষ আৰু সুৰক্ষিত ৰেলপথৰ বাবে, উত্তৰ পূব সীমান্ত ৰে’লৱেই এই সংমণ্ডলৰ অধীনত থকা কেইবাটাও খণ্ডত ইয়াৰ বিদ্যমান চিগনেলিং প্ৰণালীত বিভিন্ন চিগনেলিং আধুনিকীকৰণ আৰু স্থাপনৰ কাম সম্পন্ন কৰিছে।

ফেব্ৰুৱাৰী মাহৰ সময়ছোৱাত, কাটিহাৰ, লামডিং আৰু তিনিচুকীয়া মণ্ডলত অৱস্থিত তিনিখন লেভেল ক্ৰছিং গেটত মেকানিকেল লিফটিং বেৰিয়াৰৰ ঠাইত ইলেকট্ৰনিক লিফটিং বেৰিয়াৰ স্থাপন কৰা হয়। আদিনাৰ পৰা অ’ল্ড মালদা আৰু তেলটাৰ পৰা ডালখোলা খণ্ডত ক্ৰমে আদিনা প্ৰান্ত আৰু তেলটাৰ দিশত দ্বৈত ৰে’লপথ ব্লক সৰঞ্জামসমূহ সলনি কৰা হৈছে।  চিগনেল এলইডিসমূহ পাঁচটা ষ্টেচনত ইণ্টিগ্ৰেটেড টাইপ এলইডিৰ সৈতে সলনি কৰা হয় অৰ্থাৎ কাটিহাৰ মণ্ডলৰ ডালখোলা, বাৰচোই আৰু মুকুৰিয়া ষ্টেচন, ৰঙিয়া মণ্ডলৰ চিলনীবাৰী ষ্টেচন আৰু তিনিচুকীয়া মণ্ডলৰ ডিব্ৰুগড় ষ্টেচন।

এই সংমণ্ডলৰ পাঁচোটা মণ্ডলতে বিভিন্ন ক্ষমতাৰ মুঠ ৬৫৯ টা চিগনেলিং বেটাৰিও সলনি কৰা হয়। ৰে’লৱে চিগনেলিং প্ৰণালীয়ে ৰে’লৰ সুৰক্ষিত পৰিচালনা নিশ্চিত কৰে আৰু সেইবোৰৰ নিৰ্ভৰযোগ্যতা আৰু ৰক্ষণাবেক্ষণে ৰে’ল পৰিচালন ক্ষমতাক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে। উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ সকলো গ্ৰাহকৰ বাবে এক উৎকৃষ্ট সময়ানুৱৰ্তীতা আৰু সুৰক্ষিত ৰেল ভ্ৰমণৰ অভিজ্ঞতা নিশ্চিত কৰিবলৈ নিষ্ঠাবানভাৱে কাম কৰি আহিছে।