নিউজ ডেস্ক, ২৭ মাৰ্চ, ২০২৪ : শোণিতপুৰ আৰু ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থীৰ (AAP Candidates) মনোনয়ন দাখিল। ডিব্ৰুগড়ৰত পাঁচ সহস্ৰাধিক সমৰ্থকেৰে মনোজ ধানোৱাৰৰ শক্তি প্ৰদৰ্শন। শোণিতপুৰতো বিশাল সমদল আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিনা শোণিতপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে আম আদমী পাৰ্টিৰ দুগৰাকীকৈ প্ৰাৰ্থী ক্ৰমে ঋষিৰাজ কৌণ্ডিন্য আৰু মনোজ ধানোৱাৰে।

তেজপুৰৰ কলেজিয়েট ফিল্ডৰ পৰা পাঁচ সহস্ৰাধিক দলীয় কৰ্মী , সমৰ্থকসহ বিশাল শোভাযাত্ৰা কৰি মনোনয়ন দাখিলৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য। লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ‘আপ’ৰ শোণিতপুৰৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ মনোনয়ন দাখিলৰ মুহূৰ্তত প্ৰাৰ্থী গৰাকীক সংগ দিয়ে দলটোৰ ৰাষ্ট্ৰীয় নেতা মুনিশ কৌশিক, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, মুখপাত্ৰ অনুৰূপা ডেকাৰজা, ব্ৰজেন সন্দিকৈ, গুৰপ্ৰীত সিং উপ্পল, মাছুমা বেগম, জয়ন্ত কুমাৰ কলিতাৰ লগতে দলৰ ৰাজ্যিক তথা জিলা সমিতিৰ বহুকেইগৰাকী নেতাই।

ইপিনে, ডিব্ৰুগড়তো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বাবে প্ৰত্যাহ্বান সৃষ্টি কৰি আপৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে চাহ জনগোষ্ঠীৰ শক্তিশালী যুৱ নেতা মনোজ ধানোৱাৰে। ডিব্ৰুগড়ৰ চিটি কলেজৰ সমীপৰ নিৰ্মালি গাঁও খেলপথাৰৰ পৰা হাজাৰ হাজাৰ সমৰ্থক লগত লৈ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। সমগ্ৰ পথছোৱাত সত্ৰীয়া নৃত্য, বিহু নাচ, ঝুমুৰ নৃত্যৰে শ শ গায়ন বায়নে আদৰি নিয়ে প্ৰাৰ্থী গৰাকীক। আপৰ কৰ্মী, সমৰ্থক সকলে এক উৎসৱমুখৰ তথা আড়ম্বৰপূৰ্ণ পৰিবেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয়।

মনোনয়ন দাখিল পৰ্বত প্ৰাৰ্থী গৰাকীৰ সৈতে উপস্থিত থাকে দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, আপৰ কেন্দ্ৰীয় পৰ্যবেক্ষক কৰ্নেল ৰাহুল পানৱাৰৰ উপৰি ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ একাংশ সদস্য। উল্লেখ্য যে আম আদমী পাৰ্টিয়ে প্ৰথমাৱস্থাত শোণিতপুৰ আৰু ডিব্ৰুগড়ৰ উপৰি গুৱাহাটী লোকসভা সমষ্টিৰ বাবেও প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত দলৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশ অনুসৰি গুৱাহাটীৰ আসনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিৰোধী ঐক্যৰ স্বাৰ্থত আপে গুৱাহাটী লোকসভা সমষ্টি কংগ্ৰেছৰ বাবে এৰি দিয়ে।

আনহাতে, শোণিতপুৰ আৰু ডিব্ৰুগড়ৰ লোকসভাৰ বাবে আপৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। আৰ্থ-সামাজিক উন্নয়ন, গণতন্ত্ৰ আৰু সংবিধানৰ সুৰক্ষাৰ স্বাৰ্থত আপৰ প্ৰাৰ্থীক সমৰ্থন কৰিবলৈ দলটোৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাই দুয়োটা সমষ্টিৰ ভোটাৰ সকললৈ আহ্বান জনায়।