নিউজ ডেস্ক ৩ অক্টোবৰ, ২০২৪ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত (ISL) কাইলৈ এফ চি গোৱাৰ বিৰুদ্ধে ফাটুৰ্ডাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত চতুৰ্থখন মেচত অৱতীৰ্ণ হ’ব৷ ইতিমধ্যে তিনিখন মেচত জয়, পৰাজয় আৰু ড্ৰ খেলা নৰ্থ ইষ্ট ইউনাইটেডে যোৱা ছিজনত যেতিয়া অন্তিমবাৰ গোৱাৰ বিৰুদ্ধে ফাটুৰ্ডাত মুখামুখি হৈ ২-০ গ’লত জয় অৰ্জন কৰিছিল৷ সেয়ে কাইলৈৰ মেচক লৈয়ো দল আত্মবিশ্বাসী৷

কিন্তু নৰ্থ ইষ্ট ইউনাইটেডে কেতিয়াও একেৰাহে দুখন খেলত এফ চি গোৱাক পৰাস্ত কৰিবলৈ সক্ষম হোৱা নাই৷ চলিত ছিজনত কলকাতাত লীগৰ অভিযান আৰম্ভ কৰা গুৱাহাটীৰ দলটোৱে মহমেদানক পৰাস্ত কৰাৰ বিপৰীতে মোহন বাগানৰ বিৰুদ্ধে পইণ্ট এৰি দিছে৷ আনহাতে, অন্তিম খেলখন গুৱাহাটীত দহজনৰে খেলি কেৰালা ব্লাষ্টাৰ্ছৰ লগত ১-১ গ’লত ড্ৰ কৰি গোৱালৈ আহিছে নৰ্থ ইষ্ট ইউনাইটেড৷

‘এফ চি গোৱাৰ বিৰুদ্ধে আমি বুদ্ধিদীপ্ত ফুটবল খেলিব লাগিব৷ খেলখন অতি কঠিন হ’ব৷ গোৱা এটা অতি ভাল দল, য’ত মহান খেলুৱৈ আৰু এজন অতি ভাল প্ৰশিক্ষক আছে৷ তেওঁ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক৷ প্ৰতিজন খেলুৱৈক তেওঁ ভালদৰে চিনি পায়৷ সেয়ে আমি খেলখনত শক্তিশালী ৰূপত মনোনিৱেশ কৰা প্ৰয়োজন হ’ব৷’ নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিয়ে ব্যক্ত কৰে৷ ইফালে, আৰম্ভণি সুখৰ নহলেও গোৱাই যোৱা সপ্তাহত ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে ৩-২ গ’লত সংকীৰ্ণ জয়ৰে সফলতাৰ পথলৈ ঘূৰি আহিছে৷ কিন্তু ঘৰত খেলা বিগত দুখন খেলত জমছেদপুৰ এফ চি আৰু মুম্বাই চিটি এফ চিৰ হাতত দল পৰাস্ত হৈছিল৷ ফাটুৰ্ডাত ক্ৰমাগত তৃতীয় পৰাজয়ৰ পৰা হাত সাৰিবলৈ দল চাপৰ মাজতে সাজু৷

সংবাদ মেলত দলৰ প্ৰশিক্ষক মাৰ্কেজে কয়, ‘আমাৰ বহু দিশতে উন্নতি কৰিবলগীয়া আছে৷ এইটো সঁচা যে যোৱা মেচত আমি ভাল খেলিলোঁ৷ কিন্তু পৰিস্থিতিবোৰ ভালদৰে পৰিচালনা কৰিবলৈ শিকিব লাগিব৷ আমাৰ দলত অভিজ্ঞ খেলুৱৈ আছে যদিও তেওঁলোক আঘাতপ্ৰাপ্ত৷ সেয়ে নতুন খেলুৱৈক খেলাইছো৷ এয়া সত্য যে তেওঁলোকে আই এছ এলৰ সৈতে খাপ খুৱাব লাগিব তথা সময়ো প্ৰয়োজন হ’ব৷’ উল্লেখ্য যে এফ চি গোৱা আৰু নৰ্থইষ্ট ইউনাইটেডে ২০ বাৰকৈ আই এছ এলত খেলিছে৷ গোৱা ছয়বাৰ বিজয়ী হোৱাৰ বিপৰীতে চাৰিবাৰকৈ জয়লাভ কৰিছে নৰ্থ ইষ্ট ইউনাইটেডে৷ ১০ খন খেল ড্ৰ’ৰূপে সমাপ্ত হৈছে৷