নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰী, ২০২৫ : মেঘালয়ত অভিষেক ঘটিব লগা আই এছ এলৰ (ISL) মেচত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে মুম্বাই চিটী এফ চিৰ বিৰুদ্ধে খেলিব৷ চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত ক্ৰমাগত আঠখন মেচত অপৰাজেয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেডে জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা মেচখনত সাফল্যৰ ধাৰা ধৰি ৰাখি প্লে-অফত স্থান সুৰক্ষিত কৰাৰ সুযোগো দৃঢ় কৰিব৷
ইয়াৰপূৰ্বে মুম্বাই এৰিনাত নৰ্থ ইষ্ট ইউনাইটেডে মুম্বাই চিটীক পৰাস্ত কৰিছিল৷ সেয়ে গুৱাহাটীৰ দলটো মেচক লৈ আত্মবিশ্বাসী৷ ২০২০-২১ ৰ পাছত লীগ ডাবলছ মেচৰ জয়ৰ সুযোগ পোৱা নৰ্থ ইষ্ট ইউনাইটেডে শ্বিলংত বিশাল ফুটবলপ্ৰেমীৰ একক সমৰ্থনো পাব৷ বিপৰীতে মুম্বাই চিটীয়ে অন্তিম মেচ ড্ৰ খেলি শ্বিলংলৈ আহিছে৷ যোৱা পাঁচখন মেচৰ চাৰিখন ড্ৰ তথা এখনত জয়ী হোৱা নৰ্থ ইষ্ট ইউনাইটেডে ১৯ খন মেচত ২৯ পইণ্টৰে তালিকাৰ চতুৰ্থ স্থানত আছে৷
এতিয়ালৈকে দলে আঠখন মেচ ড্ৰ খেলিছে৷ সাতখনত জয় তথা চাৰিখনত পৰাস্ত হৈছে৷ ইফালে, এখন মেচ কমকৈ খেলা মুম্বাই চিটীয়ে ২৮ পইণ্ট লাভ কৰি ষষ্ঠ স্থানত আছে৷ নৰ্থ ইষ্ট ইউনাইটেডে লীগত পাঁচখন মেচ খেলিবলৈ বাকী আছে৷ ২০২১ ত দলে ছয়খনত জয় আৰু পাঁচখন ড্ৰ খেলি ক্ৰমাগত এঘাৰখন মেচত অপৰাজেয় হৈ থকাৰ অভিলেখ গঢ়িছিল৷ এইবাৰ দলৰ সন্মুখত নতুন অভিলেখ গঢ়াৰ সুযোগ আছে৷ আনহাতে, যোৱা ছিজনত যোগ্যতা অৰ্জন নকৰাৰ আশাহত কাহিনীক সফলতালৈ ৰূপান্তৰ কৰাৰো লক্ষ্যও লৈছে৷
ইফালে, মুম্বাই চিটী দলে বিপক্ষৰ ঘৰত খেলা অন্তিম ছখন মেচত অপৰাজেয় হৈ আছে৷ সেয়ে শ্বিলংৰ খেলতো দলে চাপ মুক্ত হৈ খেলপথাৰত নামিব৷ তিনি পইণ্ট অৰ্জনৰ লক্ষ্যৰে খেলিব লগা মুম্বাই চিটীয়ে লক্ষ্যত সফল হ’লে তালিকাত চতুৰ্থলৈ উত্তৰণো কৰিব৷ আই এছ এলত উভয় দল পূৰ্বে ২১ বাৰ মুখামুখি হৈছে৷ মুম্বাই চিটীয়ে এঘাৰখনত জয় হোৱাৰ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেডে ছখনত জয় তথা চাৰিখন মেচ ড্ৰ খেলিছে৷ কিন্তু চলিত ছিজনত নৰ্থ ইষ্ট ইউনাইটেডৰ সৰ্বাধিক গল কৰাৰ অভিলেখ তথা আগ্ৰাসী ৰণনীতিয়ে ইতিহাসৰ প্ৰভাৱ কাইলৈৰ মেচত নেপেলায়৷
শ্বিলংৰ মেচক লৈ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিয়ে কয় ‘লীগৰ বাকী থকা খেল কেইখন দুয়োটা দলৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ খেলখন বৰ কঠিন হ’ব৷ এতিয়া প্ৰতিখন মেচৰ পইণ্ট অতি গুৰুত্বপূৰ্ণ৷ মুম্বাই আৰু আমাৰ মাজত পইণ্ট টেবুলত প্ৰত্যক্ষ প্ৰতিযোগিতা চলি আছে৷ সেয়ে মেচ দুয়োটা দলৰ কোনো এটাৰে বাবে ই সহজ নহ’ব৷ উভয় দলৰে লক্ষ্য নিজক আগত ৰখা৷’ ইফালে, নৰ্থ ইষ্ট ইউনাইটেড এটা অতি ভাল দল বুলি ব্যক্ত কৰি মুম্বাই চিটিৰ মুখ্য প্ৰশিক্ষক পেট্ৰ ক্ৰাটকিয়ে সংবাদমেলত স্বীকাৰ কৰে যে কিছুমান ক্ষেত্ৰত তেওঁৰ দলটোৱে নিজৰ গেমপ্লে’ন উন্নত কৰাৰ প্ৰয়োজন আছে৷ ‘আমি বহু ক্ষেত্ৰত উন্নতি সাধন কৰিব লাগে৷ নৰ্থ ইষ্ট ইউনাইটেড সুসংগঠিত শক্তিশালী দল৷ গতিকে, আমি নিজৰ ওপৰত আৰু আমাৰ প্ৰদৰ্শনৰ ওপৰত গুৰুত্ব দিব লাগিব৷’ প্ৰশিক্ষকগৰাকীয়ে কয়৷