কোকৰাঝাৰ, ৩০ জুলাই, ২০২৪ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ (Durand Cup) ফুটবল প্ৰতিযোগিতাত জয়ৰে ছিজনৰ প্ৰত্যাশিত আৰম্ভনি কৰিছে৷ কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ই’ৰ প্ৰথম মেচত দলে বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে ২-০ গলত জয়লাভ কৰে৷ খেলৰ প্ৰথমাৰ্ধ গলশূন্য হোৱাৰ পাছত ৫০ মিনিটত জিতিনে প্ৰথমটো গল কৰি নৰ্থ ইষ্ট ইউনাইটেডক ১-০ ৰ অগ্ৰগতি দিয়াৰ পাছত ইঞ্জুৰী টাইমত পৰিবৰ্তিত খেলুৱৈ অংকিতে দ্বিতীয়টো গল কৰে৷

উল্লেখ্য যে বড়োলেণ্ড এফ চিয়ে অসমৰ প্ৰথম ক্লাবৰূপে যোৱা বছৰ ডুৰাণ্ড কাপত গৌৰৱময় অভিষেক কৰিছিল৷ ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ডুৰাণ্ড কাপ খেলা দলটোৱে স্থানীয় অনুৰাগীৰ একক সমৰ্থন লাভ কৰিছিল যদিও শক্তিশালী নৰ্থ ইষ্ট ইউনাইটেডৰ ৰণনীতিৰ সন্মুখত বড়োলেণ্ড এফ চিৰ ৰক্ষণবিভাগে কাৰ্যতঃআত্মসমৰ্পন কৰে৷ প্ৰতিযোগিতাৰ কাইলৈ জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’বলগা দিনটোৰ প্ৰথমখন মেচত আই এছ এলৰ দুবাৰৰ চেম্পিয়ন দল চেন্নাইয়ান এফ চিয়ে ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব৷

এই মেচখন দিনৰ চাৰি বজাৰ পৰা আৰম্ভ হ’ব৷ ইফালে, নিশা সাত বজাত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হ’বলগা দিনটোৰ দ্বিতীয় মেচখনত আই এছ এল তথা ডুৰাণ্ড কাপৰ পূৰ্ব চেম্পিয়ন বেংগালুৰু এফ চিয়ে নৌ সেনাৰ ফুটবল দলৰ মুখামুখি হ’ব৷ উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷

চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷ উল্লেখ্য যে ১৮৮ চনত শিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷

২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷