নিউজ ডেস্ক, ১৭ ছেপ্টেম্বৰ, ২০২৪ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে একাদশ ইণ্ডিয়ান ছুপাৰ লীগত (ISL) চমকপ্ৰদ জয়ৰে অভিযান আৰম্ভ কৰিছে৷ কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত সোমবাৰে হোৱা মেচত ডুৰাণ্ড কাপৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডে আই এছ এলত অভিষেক কৰা কলকাতাৰ মহমেদান স্পৰ্টিং ক্লাবক একমাত্ৰ গলত পৰাস্ত কৰে৷

ইঞ্জুৰী টাইমত ফলাফল নিৰ্ণয় হোৱা মেচখনত খেলৰ ৯৪ মিনিটত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ বিজয়সুচক গলটো দিয়ে আজাৰাই আলাডিনে৷ উল্লেখ্য যে ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবলৰ খিতাপ জয় কৰি নতুন ছিজনৰ আৰম্ভনি কৰা নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে এয়া অনন্য আৰম্ভনি৷ ক্ৰমাগত দুখন মেচত দলে কলকাতাৰ ভূমিত দুটা ঘৰুৱা দলক পৰাস্ত কৰিলে৷ ডুৰাণ্ডত মোহন বাগান আৰু আই এছ এলত মহমেদেন স্পৰ্টিং ক্লাবক।

খেলৰ প্ৰথমাৰ্ধ গলশূণ্যভাৱে সমাপ্ত হয় যদিও উভয় দলে সুযোগ বুজি আক্ৰমণ ৰছনা কৰিছিল৷ কিন্তু নৰ্থ ইষ্ট ইউনাইটেডৰ ষ্ট্ৰাইকাৰৰ শ্বট লক্ষ্যহীন তথা নিয়ন্ত্ৰনহীন হোৱাৰ বিপৰীতে মহমেদান দলৰ আক্ৰমণত স্পষ্ট হয় চাপ, ভয় আৰু দুৰ্বলতা৷ নৰ্থ ইষ্ট ইউনাইটেডৰ গুইলেৰ্মো আৰু জিতিনে গল কৰাৰ সুযোগ হেৰুওৱাৰ বিপৰীতে ঘৰুৱা দলটোৰ গোমেজে প্ৰথমাৰ্ধৰ অন্তিম ক্ষণত সুযোগ নষ্ট কৰে৷ প্ৰথমাৰ্ধতে নৰ্থ ইষ্ট ইউনাইটেডৰ দুই খেলুৱৈ দিনেশ সিঙ আৰু বেমামিৰৰ লগতে মহমেদানৰ চচাকচহুকে হালধীয়া কাৰ্ড পায়৷

দ্বিতীয়াৰ্ধত দূয়োটা দলে খেলৰ গতি বৃদ্ধি কৰে যদিও আশা কৰা সফলতা দিয়াত ব্যৰ্থ হয় আক্ৰমণপন্থীয়ে৷ নৰ্থ ইষ্ট ইউনাইটেডৰ স্পেনিছ প্ৰশিক্ষক পেড্ৰ’ বেনালিয়ে আক্ৰমন সফলতালৈ ৰূপান্তৰ কৰাৰ বাবে আলাদিনক সুযোগ দিয়ে৷ বিপৰীতে মহমেদানৰ মুখ্য প্ৰশিক্ষক আন্দ্ৰে চেৰ্নিশ্বভে বিকাশ সিঙক খেলপথাৰত নমায়৷ কিন্তু সফল হয় আলাদিন৷ ইঞ্জুৰী টাইমত দলৰ এক সংঘবদ্ধ আক্ৰমণত ৯৪ মিনিটত আলাডিনে নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ বিজয়সুচক গলটো দি গুৰুত্বপূৰ্ণ তিনি পইণ্ট লাভ কৰি লীগত আৰম্ভনি কৰিলে৷

নৰ্থ ইষ্ট ইউনাইটেডে পৰৱৰ্তী মেচখনো কলকাতাতে খেলিব৷ অহা ২৩ ছেপ্টেম্বৰত বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হ’বলগা মেচত গুৱাহাটীৰ দলটোৱে আই এছ এলৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে খেলিব৷ উল্লেখ্য যে এই ষ্টেডিয়ামতে দুসপ্তাহ পূৰ্বে ডুৰাণ্ড কাপৰ ফাইনেলত মোহন বাগানকে ঘৰুৱা খেলপথাৰত সমৰ্থকৰ সন্মুখত পৰাস্ত কৰি নৰ্থ ইষ্ট ইউনাইটেডে প্ৰথমটো খিতাপ জয় কৰিছিল৷

ইফালে, আই লীগৰ চেম্পিয়ন হোৱাৰ সূত্ৰে আই এছ এললৈ যোগ্যতা অৰ্জন কৰা মহমেদান স্পৰ্টিং ক্লাবেও লীগত নিজৰ দ্বিতীয় মেচখন পুনৰ ঘৰুৱা ষ্টেডিয়াম কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত খেলাৰ সুযোগ পাব৷ অহা ২১ ছেপ্টেম্বৰত নৈশালোকত হ’বলগা মেচত মহমেদান এফ চি গোৱাৰ মুখামুখি হ’ব৷