গুৱাহাটী, সংবাদ ৩৬৫, ৫ আগষ্ট : দেওবাৰে ১১.৩০ বজাত খানাপাৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এন আৰ চিৰ শুনানিলৈ যোৱা এখন বাছ ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ৷ গুৱাহাটী অভিমুখি শিলভৰ্তি এখন এ এছ ১৪ চি ০৫৯৮ নম্বৰৰ ডাম্পাৰ এ এছ ০১ এফ চি ৩২৪২ নম্বৰৰ বাছখনৰ ওপৰত বাগৰি পৰে । দুৰ্ঘটনাটোত ২৮ জনৰো অধিক লোক আহত হয় । বাছখনত আছিল মুঠ ৫২ জন যাত্ৰী ।

দুৰ্ঘটনাটোত এ এছ ০১ বি ৬৬৬৫ নম্বৰৰ দুজন বাইক আৰোহী গুৰুত্বৰভাৱে আহত হৈ আলবাৰ্ড নাংৰুম ( ১৯ )নামৰ যুৱকজন নেমকেয়াৰ হাস্পতালত নিহত হয় আৰু জি এন আৰ চিত আৰু বনি নাৰলেং ( ২০ ) নিহত হয় ।

উল্লেখ্য যে আলকাটাৰা আৰু শিল মিহলি কৰি আনি আছিল ডাম্পাৰখনত । বাছখনত থকা সকলো লোকেই কম বেছি পৰিমানে আহত হয় ।

ইফালে আৰক্ষী তথা অগ্নিনিৰ্বাপক বাহিনীক দুৰ্ঘটনাটোৰ বিষয়ে খবৰ দিয়া স্বত্তেও ১ ঘণ্টা সময়লৈকে ঘটনাস্থলীত উপস্থিত নোহোৱা বাবে উজনি আৰু নামনি অসমলৈ অহা যাত্ৰীসকলে ততালিকে ব্যক্তিগত বাহনৰ দ্বাৰা জি এম চি এইচত ভৰ্তি কৰোৱা হয়৷ কিছু সংখ্যক আহতক জি এন আৰ চিত ভৰ্তি কৰোৱা হয় ।

ডাম্পাৰখন যোৰাবাটৰ পৰা খানাপাৰা অভিমুখী আছিল আৰু বাছখন বকোৰ সোনতলীৰ পৰা গোলাঘাটলৈ এন আৰ চিৰ হিয়েৰিংৰ বাবে গৈ আছিল । গনেশ মন্দিৰৰ সমীপতে তীব্ৰ বেগত অহা ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা বাছখনৰ ওপৰত বাগৰি পৰে । ডাম্পাৰত থকা গৰম আলকাতাৰা আৰু শিলগুটি মিশ্ৰন বাছখনৰ যাত্ৰীৰ গাত পৰাৰ পিছত এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয় ।