নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ আগষ্ট : একাদশ ৰাষ্ট্ৰীয় থাই বক্সিঙত অসমৰ কেইবাটাও সোনৰ পদক অৰ্জন । হায়দৰাবাদৰ তেলেংগানাৰ গাচিবাউলী ষ্টেডিয়ামত হোৱা একাদশ ৰাষ্ট্ৰীয় থাই বক্সিঙত অসমৰ এই সাফল্য ।

২৪ খন ৰাজ্যৰ ৮৬৪ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখন যোৱা ২ আগষ্টৰ পৰা ৪ আগষ্টলৈ অনুষ্ঠিত হৈছিল । ৫০-৫৫ কেজিত অনিমা নাৰ্জাৰীয়ে সোনৰ পদক , ৫০-৫৫ কেজিত মৃনাল কান্তী বড়োয়ে সোনৰ পদক , ৬০-৬৫ কেজিত উৎপল চাংমাই ব্ৰঞ্জ , ৫০-৫৫ কেজিত ৰাজা বৰুৱা ব্ৰ্ঞ্জ, ৫০-৫৫ কৰিনা পাটোৱাৰী ব্ৰঞ্জ, ৪৫-৫০ কেজিত নিজৰা বড়োৱে ব্ৰঞ্জ , ৫৫-৬০ কেজিত পিতাম্বৰ নৰহে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

ইফালে চিনিয়ৰ শাখাত ৫৫-৬০কেজিত মিলন বড়োৱে সোনৰ পদক , ৩৫-৪০ কেজিত মঞ্জু ৰাভা সোনৰ পদক , ৫০-৫৫ কেজিত দিপা ৰংপিয়ে সোনৰ পদক , জুনিয়ৰ শাখাত ৪৫-৫০ কেজিত লক্ষ্য ৰাভাই সোনৰ পদক , ৫০-৫৫ কেজিত বন্দনা বড়ো ই সোনৰ পদক , ৩০-৩৫ কেজিত ৰূপালী বড়োৱে সোনৰ পদক , চাৱজুনিয়ৰ ৩৫-৪০ কেজিত লখিমা বড়োৱে সোনৰ পদক , জুনিয়ৰ ৫০-৫৫ কেজিত অমৰদ্বিপ বৰুৱাই ৰূপৰ , আৰু ৪৫-৫০ কেজিত বন্দনা দাসে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় লগতে অসমৰ দলটোৱে “বেষ্ট ডিচিপ্লিন বটা ” লাভ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে অসমৰ পৰা যোৱা প্ৰায় সংখ্যক খেলুৱৈ ৰাণী কোচিং চেণ্টাৰত প্ৰশিক্ষণৰত আছিল যাৰ ৰাণীতো উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে ।