ছয়গাঁও, সংবাদ ৩৬৫, ৭ আগষ্ট : মঙলবাৰে নিশা ছয়গাঁৱৰ গোৱৰ্ধনত পথৰ দাঁতিত বাগৰিল এখন আলট্ৰা বাছ। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বকোৰ অভিমুখে গৈ বাছখনে গোৱৰ্ধনত আন এখন বাহনক অতিক্ৰম কৰিবলৈ লওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ দাঁতিত। উল্লেখ্য যে বকোৰ ডেকাচাঙৰ প্ৰায় ৪০জন লোকে উক্ত বাছখনেৰে এন আৰ চিৰ শুনানিৰ বাবে গৈছিল যোৰহাটলৈ আৰু নিশা গোলাঘাটৰ পৰা বকোলৈ ঘূৰি অহাৰ পথতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত ১ গৰাকী কিশোৰীসহ এগৰাকী মহিলা নিহত হয় ।আহত হোৱা ১৫ জনৰো অধিক লোকক ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও নিশাই এজনৰ বাহিৰে আন ১৪ জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়৷

দুৰ্ঘটনাটোত মৃত্যু হোৱা মহিলা গৰাকীৰ নাম চয়মুন নেছা আৰু কিশোৰীগৰাকীৰ নাম আৰ্জুনা বেগম বুলি জানিব পৰা গৈছে।