গুৱাহাটী, সংবাদ ৩৬৫, ৭ আগষ্ট : ১৫ আগষ্টৰ প্ৰাক মুহূৰ্তত মহানগৰ আৰক্ষীৰ তৎপৰতা ৷ ভাৰপ্রাপ্ত বিষয়াৰ সৈতে আৰক্ষী আয়ুক্তৰ জৰুৰী বৈঠক। আৰক্ষী আয়ুক্ত অধীনৰ সকলো থানাৰ অচি বৈঠকত উপস্হিত ।

স্বাধীনতা দিৱসত জেহাদী, উগ্ৰপন্থীৰ কুটাঘাত ৰোধৰ বাবে এই বৈঠক মহানগৰ আৰক্ষীৰ। বৈঠকত আৰক্ষী আয়ুক্তই মহানগৰীৰ সকলো ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা নিৰাপত্তা ব্যৱস্থাৰ খতিয়ান লয় ।

কেন্দ্ৰীয়ভাৱে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ নিৰাপত্তাৰ ক্ষেত্ৰত কি ব্যৱস্থা লৈছে তাৰ পৰ্যালোচনা কৰে বৈঠকত ।

বৈঠকত মহানগৰীৰ ৩ টা বিষয় ক্ৰমে লুটপাত, ডকাইতি আৰু বাহন চুৰিৰ সন্দৰ্ভত বিশেষ গুৰুত্ব প্ৰদান কৰে ।