চিৰাং, ১০ জানুৱাৰী, ২০২৪ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। চৰকাৰী কৰ্মচাৰীজনে ১০ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে।
দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত থকাৰ মাজতে পুনৰ এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত।
উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন আৰক্ষী বিষয়া। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আৰক্ষী বিষয়া চিন্টু দাস। ১০ হাজাৰ টকা উৎকোচ লৈ থাকোতে ধৰা পৰে চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত ঢালিগাঁও টাউন আউটপোষ্টৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিন্টু দাস। এজন লোকৰ পৰা গাড়ী মুকলি কৰি দিয়াৰ বিনিময়ত ১ লাখ ৫০ হাজাৰ টকা দাবী কৰিছিল আৰক্ষী বিষয়া চিন্টু দাস।
ঢালিগাঁও টাউন আউটপোষ্টৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিন্টু দাসে গাড়ী মুকলি কৰি দিয়াৰ বিনিময়ত উৎকোচ দাবী কৰা লোকজন কাষ চাপে দুৰ্নীতি নিবাৰক শাখাৰ। লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত ঢালিগাঁও টাউন আউটপোষ্টৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিন্টু দাসক আটক কৰে। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ঢালিগাঁও টাউন আউটপোষ্টৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিন্টু দাসৰ কবলৰ পৰা উৎকোচৰ ১০ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে।
পৰৱৰ্তী সময়ত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ঢালিগাঁও টাউন আউটপোষ্টৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিন্টু দাসক গ্ৰেপ্তাৰ কৰে। এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৯/২০২৪ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে, ইতিমধ্যে কেইবাজনো দুৰ্নীতিগ্রস্ত চৰকাৰী কৰ্মচাৰী উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।