কৰিমগঞ্জ, ৯ জানুৱাৰী, ২০২৪ : ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। এছ টি এফ বাহিনীৰ অভিযানত ১০০ কোটিতকৈও অধিক মূল্যৰ ড্ৰাগছ জব্দ (Drugs Seized)। আটক চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী। এখন বাহনত অতি কৌশলেৰে লুকুৱাই আনিছিল বুজন পৰিমাণৰ হে’ৰইন, নিচাযুক্ত টেবলেট আৰু বিদেশী চিগাৰেট। ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ তিনিজন মিজোৰামৰ বাসিন্দা আৰু ধৃত বাহনখনৰ চালকজন কৰিমগঞ্জৰ বাসিন্দা।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। এখন বাহনৰ পৰা জব্দ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১০০ কোটিতকৈও অধিক বুলি জানিব পৰা গৈছে। জব্দকৃত ড্ৰাগছখিনিৰ ভিতৰত আছে হে’ৰইন, নিচাযুক্ত য়াবা টেবলেট আৰু বিদেশী চিগাৰেট। এই বুজন পৰিমাণৰ ড্ৰাগছখিনিৰ লগত আটক হোৱা চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল।

কৰিমগঞ্জত এখন বাহনৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। বাহনখনৰ পৰা আৰক্ষীয়ে ৫.১ কেজি হে’ৰইন, ৬৪ হাজাৰ নিচাযুক্ত য়াবা টেবলেট আৰু ৪ পেকেট বিদেশী চিগাৰেট জব্দ কৰিছে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে এখন বাহনত তালাচী চলাই এই বুজন পৰিমাণৰ হে’ৰইন আৰু য়াবা জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত এই বুজন পৰিমাণৰ ড্ৰাগছখিনিৰ বজাৰ মূল্য ১০০ কোটি টকাতকৈও অধিক হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

মঙলবাৰে এছ টি এফ বাহিনী আৰু পাথাৰকান্দি আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত নীলম বজাৰ আৰক্ষী থানাৰ অন্তৰ্গত ছুপ্ৰাকান্দিত এমজেড-০৬-এ-১৪২২ নম্বৰৰ মাৰুটি এছ-প্ৰেছো বাহনত তালাচী চলাই বাহনখনত অতি কৌশলেৰে লুকুৱাই অনা এই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। বাহনখনত কেইবাটাও গোপন চেম্বাৰ তৈয়াৰ কৰি জব্দকৃত বুজন পৰিমাণৰ হে’ৰইন আৰু য়াবা টেবলেট লুকুৱাই আনিছিল চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী। ধৃত ড্ৰাগছ সৰবৰাহকাৰী চাৰিজনৰ ভিতৰত তিনিজন মিজোৰামৰ আৰু বাহনখনৰ চালক কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক জেৰা অব্যাহত ৰাখিছে।