হাজো, ১০ জানুৱাৰী, ২০২৪ : দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী বংশী গোপাল মন্দিৰৰ বাৰ্ষিক গোন্ধ-সবাহ। দুদিনীয়া কাৰ্য্যসূচীৰে কামৰূপ জিলাৰ (Kamrup) পূৰ্ণখুমডুম গাঁও উন্নয়ন সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী বংশী গোপাল মন্দিৰৰ বাৰ্ষিক গোন্ধ সবাহৰ আয়োজন কৰা হৈছে।

এই উপলক্ষে ৰহিন্দ্ৰ ভূঞাঁক সভাপতি, ৰমেশ কলিতাক কাৰ্যকৰী সভাপতি, দিনেশ ডেকা আৰু অনিল শইকীয়াক উপ-সভাপতি, পুলেন ভূঞাক মুখ্য সম্পাদক, জগদীশ তালুকদাৰক সাধাৰণ সম্পাদক, ৰমেন চন্দ্ৰ ভূঞাঁ আৰু ক্ষীতিশ ভূঞাঁক সহকাৰী সম্পাদক হিচাপে লৈ এখনি শক্তিশালী কাৰ্যকৰী সমিতি গঠন কৰা হৈছে৷ অহা ১৭ জানুৱাৰী ৰাতিপুৱা স্বচ্ছ অভিযানেৰে অনুষ্ঠানৰ শুভাৰম্ভণী হ’ব৷ ৰাতিপুৱা ৯ বজাত শ্ৰী শ্ৰী বংশী গোপাল বিগ্ৰহ লৈ নগৰ সংকীৰ্তন হোৱাৰ লগতে ৰাতিপুৱা ১০ বজাত ভাগৱত পাঠ অনুষ্ঠিত হ’ব।

নিশা ৯ বজাত জনপ্ৰিয় পাঠিকা অনামিকা দাস আৰু ভনিতা বৈশ্যই নাগাৰা নাম পৰিবেশন কৰিব৷ ১৮ জানুৱাৰী ৰাতিপুৱা ৮ বজাত হোমযজ্ঞৰে দিনটোৰ শুভাৰম্ভণী হ’ব৷ সন্ধিয়া ৫ বজাত অসমীয়া গীতৰ আধাৰত একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে নিশা ৯ বজাত সাংস্কৃতিক সন্ধিয়াৰ “সুৰৰ এনিশাত” জনপ্ৰিয় কন্ঠশিল্পী অৰুন্ধতী ভানুপ্ৰিয়াই গীত পৰিবেশন কৰিব৷

শ্ৰী শ্ৰী বংশী গোপাল বাৰ্ষিক গোন্ধ- সবাহৰ সহকাৰী সম্পাদক ৰমেন চন্দ্ৰ ভূঞাঁই এই সমুহ কাৰ্যসূচীত সকলো ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে৷