ৰঙিয়া : ডোবক আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ডোবক আৰক্ষীৰ জালত পৰিল এজন ড্ৰাগছ সৰবৰাহকাৰী। ৰঙিয়াৰ ডিমুত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ডোবক আৰক্ষীৰ জালত পৰিল এজন ড্ৰাগছ সৰবৰাহকাৰী।

ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। নিতৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী। এইবাৰ ডোবক আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিছে বৃহৎ সাফল্য।

কামৰূপ জিলাৰ ৰঙিয়াৰ অন্তৰ্গত ডিমুত ডোবক আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এক গোপন খবৰৰ ভিত্তিত ডোবক আৰক্ষীয়ে ডিমুত অভিযান চলাই ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন ৰাতুল আলী বুলি জানিব পৰা গৈছে। ৰঙিয়াৰ পৰা ড্ৰাগছ ক্ৰয় কৰি এখন স্কুটীৰে হাজো অভিমুখে গৈ থকা অৱস্থাত ডোবক আৰক্ষীয়ে অভিযান চলাই কেইবা লক্ষাধিক টকা মূল্যৰ ড্ৰাগছসহ ৰাতুল আলীক গ্ৰেপ্তাৰ কৰে।

ৰাতুল আলীৰ কবলৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ প্ৰায় ৭০ টা কন্টেইনাৰ জব্দ কৰে। ৰাতুল আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীজন দীৰ্ঘদিন ধৰি ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ৰাতুল আলীক জেৰা অব্যাহত ৰাখিছে।