গুৱাহাটী : ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবেই অসমত এতিয়াও অন্ধবিশ্বাস তথা ডাইনীৰ নামত একাংশ নিৰীহ লোকক হত্যা তথা অত্যাচাৰ চলি থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, বিশিষ্ট মানৱ অধিকাৰ তথা সমাজকর্মী ডঃ দিব্যজ্যোতি শইকীয়াই। উল্লেখযোগ্য যে যোৱা ১১ এপ্ৰিল তাৰিখে বাক্সা জিলাৰ ডুমুনীত ডাইনীৰ নামত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছিল৷ সভ্য সমাজক লজ্জানত কৰি ডাইনীৰ সন্দেহত একেটা পৰিয়ালৰ দুজনক হত্যা কৰা হৈছিল।

ডাইনী সন্দেহত এহাল দম্পত্তি ক্ৰমে শুক্ৰা কছুৱা আৰু বালামদিনা তীৰ্কিক হানি খুচি হত্যা কৰা হৈছিল৷ সুৰজ এক্কা নামৰ এজন লোকে সংঘটিত কৰিছিল এই জঘন্য হত্যাকাণ্ড। জানিব পৰা মতে সুৰজ এক্কা নামৰ লোকজনৰ পৰিয়ালত বহুদিন ধৰি কিছুমান অদ্ভূত ঘটনা সংঘটিত হৈ আহিছিল৷ সুৰজ এক্কাই ডুমুনীৰ বৃদ্ধ দম্পত্তি শুক্ৰা কছুৱা আৰু বালামদিনা তীৰ্কিয়ে তেওঁৰ পৰিয়ালটোক তন্ত্ৰ-মন্ত্ৰ কৰা বুলি সন্দেহ কৰি বিভিন্ন সময়ৰ ভয় ভাবুকি দি আহিছিল। ১১ এপ্ৰিলত সুৰজ এক্কা নামৰ লোকজনে শুক্ৰা কছুৱাৰ ঘৰত প্ৰৱেশ কৰি বৃদ্ধ দম্পত্তিক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

সুৰজ এক্কাৰ আক্ৰমণৰ ফলত দুয়োগৰাকী থিতাতে নিহত হয়। নিহত দম্পত্তি হালৰ জীয়ৰী গৰাকীয়ে জানিব দিয়া মতে ডাইনী সন্দেহতে সুৰজ এক্কাই এই জঘন্য হত্যাকাণ্ড সংঘটিত কৰিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় অন্ধবিশ্বাস বিৰোধী নেতা, মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাডাৰ্ছ’ৰ উদ্যোগত বিগত ২০০৮ বৰ্ষৰ পৰা অন্ধবিশ্বাস তথা ডাইনীকাণ্ড ৰোধ কৰাৰ ক্ষেত্ৰত সৱল ভূমিকা লৈ তেওঁ এক সংগ্ৰাম চলাই ডাইনী লকাণ্ড হ্ৰাস কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমান ডিজিটেল ইণ্ডিয়াৰ যুগটো এনে ঘটনা সংঘটিত হৈ আছে।

আনহাতে ডঃ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বতেই এখন কঠোৰ আইন প্ৰণয়নৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি সংগ্ৰাম চলাই অহাৰ পৰৱৰ্তী পৰ্যায়ত ২০১৫ বৰ্ষত অসম বিধান সভাত ডাইনীকাণ্ড ৰোধৰ হেতু এক বিধেয়ক গৃহীত কৰা হয়। ইফালে উক্ত বিধেয়ক ২০১৮ বৰ্ষত ৰাষ্ট্ৰপতিৰ হস্তাক্ষৰৰ দ্বাৰা আইনত প্ৰণয়ন কৰা হয় যদিও অসম চৰকাৰৰ দ্বাৰা উপযুক্ত সজাগতাৰ অভাৱৰ বাবেই আজিও ডাইনীৰ নামত হত্যাকাণ্ড সংঘটিত হৈ আছে বুলি ডঃ শইকীয়াই উল্লেখ কৰে।