ৰূপহীহাট : জুৰীয়াত নগাঁও আৰক্ষী আৰু জুৰীয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। গ্ৰাহকৰ ৰূপত নগাঁও আৰু জুৰীয়া আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী বিৰোধী অভিযান। বৃহৎ পৰিমাণৰ হে’ৰইনসহ আৰক্ষীৰ জালত পৰিল এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী।

শুকুৰবাৰে নিশাৰ ভাগত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে জুৰীয়া আৰক্ষীৰ সহযোগত জুৰীয়াৰ জুকাটিত এক ড্ৰাগছ বিৰোধী অভিযান চলায়। অভিযানকাৰী আৰক্ষীৰ দলটোৱে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী শ্বহিদুল ইছলামক বৃহৎ পৰিমাণৰ হে’ৰইনসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে শ্বহিদুল ইছলামৰ কবলৰ পৰা দুটা চাবোনৰ বাকচ বৃহৎ পৰিমাণৰ হে’ৰইন জব্দ কৰে। শ্বহিদুল ইছলামে দীর্ঘদিন ধৰি জুৰীয়াৰ জুকাটি বজাৰত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল বুলি আৰক্ষীয়ে খবৰ লাভ কৰিছিল। উক্ত খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই শ্বহিদুল ইছলামক গ্ৰেপ্তাৰ কৰে।

গ্ৰাহকৰ ৰূপত যোৱা আৰক্ষীয়ে অতি কৌশলেৰে অভিযান চলাই
শ্বহিদুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত শ্বহিদুল ইছলামক হয়বৰগাঁও আৰক্ষী চকীত জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। জেৰাত আৰক্ষীয়ে শ্বহিদুল ইছলামৰ পৰা বহু গুৰুত্বপুৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে।