কিশোৰ মিশ্ৰা

কোকৰাঝাৰ : পলাশগুৰিত আৰক্ষী আৰু বেচৰকাৰী সন্থাৰ যৌথ অভিযানত চাৰিটা গৰু জব্দ। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত দুই নম্বৰ পলাশগুৰি গাঁৱত আৰক্ষী আৰু এটা বেচৰকাৰী সন্থাই অভিযান চলাই বহিঃৰাজ্যৰ পৰা অবৈধভাৱে অসমত প্ৰৱেশ কৰা চাৰিটা উন্নত জাতৰ গৰু জব্দ কৰে।

উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা অবৈধভাৱে গৰু সৰবৰাহ বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে কোঠৰ নিৰ্দেশনা জাৰি কৰিছে যদিও চোৰাং গৰু বেপাৰীয়ে কোনো নিৰ্দেশনাক কেৰেপ নকৰি বহিঃৰাজ্যৰ পৰা গৰু আনি গোপন পথেৰে বংগ সীমান্ত পাৰ কৰি অসমত প্ৰৱেশ কৰে। চোৰাং গৰু বেপাৰীয়ে গোসাইগাঁও মহকুমাৰ বিভিন্ন ভিতৰুৱা অঞ্চলেৰে গৰু সৰবৰাহ কৰে বুলি আৰক্ষী আৰু এন চি আৰ আই বি নামৰ সন্থাই খবৰ লাভ কৰে।

উক্ত খবৰৰ ভিত্তিত আৰক্ষী আৰু এনচিআৰইবি নামৰ সন্থাৰ সদস্যই দুই নম্বৰ পলাশগুৰিত অভিযান চলাই চাৰিটা গৰু জব্দ কৰে। অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই গৰু সৰবৰাহকাৰী সকল পলাই যাবলৈ সক্ষম হয়৷ সম্প্ৰতি গৰু কেইটা সাপকাটা আৰক্ষী চকীত ৰখা হৈছে।