গুৱাহাটী, ৯ আগষ্ট, ২০২৩ : আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ চোৰ (One Injured In Police Firing)। মহানগৰীৰ নাৰেংগীত চোৰক লক্ষ্য কৰি পুনৰ আৰক্ষীৰ গুলী চালনা। এইবাৰ নাৰেংগীত আৰক্ষীৰ গুলী লাগিল দুৰ্ধৰ্ষ চোৰ আমিৰ আলীক। আহত আমিৰ আলী নামৰ দুৰ্ধৰ্ষ চোৰজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন। কিছুদিন পূৰ্বে নাৰেংগীত আৰক্ষীৰ গুলীত এজন চিলনী চোৰ আহত হৈছিল।

অপৰাধীক লক্ষ্য কৰি অব্যাহত আছে আৰক্ষীৰ গুলী চালনা। এইবাৰ মহানগৰ আৰক্ষীয়ে গুলীয়ালে এজন দুৰ্ধৰ্ষ চোৰক। আৰক্ষীৰ গুলী লাগি আহত হৈছে আমিৰ আলী নামৰ এজন দুৰ্ধৰ্ষ চোৰ। নিশা মহানগৰীৰ নাৰেংগীত দিছপুৰ আৰক্ষীয়ে আমিৰ আলীক লগত লৈ এক অভিযান চলাবলৈ গৈছিল। অভিযানকালত আমিৰ আলীয়ে আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে বাধ্য হৈ আমিৰ আলীক লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ গুলীত আহত হোৱা আমিৰ আলীক নিশাই আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে।

জানিব পৰা মতে কিছুদিন পূৰ্বে মহানগৰীৰ অজন্তা পথত সংঘটিত হোৱা এক চুৰিকাণ্ডৰ ঘটনাৰ লগত আমিৰ আলী জড়িত আছিল। উক্ত চুৰিকাণ্ডৰ চি চি টিভি কেমেৰাৰ দৃশ্যৰ আধাৰত দিছপুৰ আৰক্ষীয়ে অভিযান চলাই আমিৰ আলীক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ জেৰাত আমিৰ আলীয়ে স্বীকাৰ কৰে যে উক্ত চুৰিকাণ্ডত চিন্টু মেধি নামৰ আন এজন চোৰো জড়িত আছিল।

আমিৰ আলী আৰু চিন্টু মেধিয়ে বিভিন্ন সময়ত চুৰিকাণ্ড সংঘটিত কৰি বহু সোণৰ অলংকাৰ নাৰেংগীত লুকুৱাই ৰাখিছে বুলি আমিৰ আলীয়ে আৰক্ষীৰ আগত স্বীকাৰ কৰে। ইয়াৰ পিছতে নিশা দিছপুৰ আৰক্ষীয়ে আমিৰ আলীক লগত লৈ চুৰিৰ সোণৰ অলংকাৰ সমূহ উদ্ধাৰ কৰিবলৈ নাৰেংগীলৈ যাওঁতে আমিৰ আলী আধা বাটতে পলায়নৰ চেষ্টা চলায় আৰু আৰক্ষীৰ গুলীত আহত হয়। ইফালে আনজন দুৰ্ধৰ্ষ চোৰ চিন্টু মেধি বর্তমানেও পলাতক অৱস্থাত আছে।

দিছপুৰ আৰক্ষীয়ে চিন্টু মেধিক বিচাৰি তীব্ৰ অভিযান অব্যাহত ৰাখিছে। আমিৰ আলী আৰু চিন্টু মেধি মহানগৰীত সংঘটিত হোৱা কেইবাটাও চুৰি আৰু ডকাইতিকাণ্ডৰ লগত জড়িত থকাৰো অভিযুক্ত বুলি জানিব পৰা গৈছে। মহানগৰীৰ ছয়মাইলত পূৰবী ডায়েৰীৰ মেনেৰাজক হত্যা কৰি ধন লুটি নিয়াৰ ঘটনাৰ লগতো এই দুই দুৰ্ধৰ্ষ চোৰ জড়িত থাকৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে নাৰেংগী অঞ্চলত আৰক্ষীৰ গুলীত আহত হৈছিল এজন চিলনী চোৰ।