বঙাইগাঁও, ৯ আগষ্ট, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। ১ হাজাৰ ৬০০ টকা উৎকোচ লৈ হাত দাঙিলে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বৰজান হাই স্কুলৰ কেৰাণী।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত থকাৰ মাজতে এইবাৰ বিদ্যালয়ৰ কেৰাণী পৰিল জালত। উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল অভয়াপুৰীৰ বৰজান হাই স্কুলৰ কেৰাণী।

উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল অভয়াপুৰীৰ বৰজান হাই স্কুলৰ কেৰাণীজন। মাত্ৰ ১ হাজাৰ ৬০০ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে অভয়াপুৰীৰ বৰজান হাই স্কুলৰ কেৰাণী আবাদত আলী। এজন লোকৰ পত্নীৰ এন পি এছ একাউন্টৰ কাম কৰি দিয়াৰ বিনিময়ত আবাদত আলীয়ে লোকজনৰ পৰা ১ হাজাৰ ৭০০ টকা দাবী কৰিছিল। পৰৱৰ্তী সময়ত উৎকোচৰ ধনৰ পৰিমাণ ১ হাজাৰ ৬০০ টকালৈ হ্ৰাস কৰা হৈছিল। আবাদত আলীয়ে উৎকোচ দাবী কৰা লোকজনে কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ।

লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতি কৌশলেৰে জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত অভয়াপুৰীৰ বৰজান হাই স্কুলৰ কেৰাণী আবাদত আলীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে অভয়াপুৰী চহৰৰ এম বি ৰোডত থকা মা কালী হোটেলত বৰজান হাই স্কুলৰ কেৰাণী আবাদত আলীক ১ হাজাৰ ৬০০ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে আটক কৰে। আবাদত আলীৰ কবলৰ পৰা উৎকোচৰ ১ হাজাৰ ৬০০ টকা উদ্ধাৰ কৰি জব্দ কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে।

দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে অভয়াপুৰীৰ বৰজান হাই স্কুলৰ কেৰাণী আবাদত আলীক গ্ৰেপ্তাৰ কৰি এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৫৮/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে। ইয়াৰে অধিক সংখ্যক লাট মাণ্ডল।