গুৱাহাটী, ১১ আগষ্ট, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। ১০ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে হাত দাঙিলে কো-অপাৰেটিভ ছ’চাইটিৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত থকাৰ মাজতে এইবাৰ কো-অপাৰেটিভ ছ’চাইটিৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক পৰিল জালত। উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল কো-অপাৰেটিভ ছ’চাইটিৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক।

উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল কো-অপাৰেটিভ ছ’চাইটিৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়কজন। ১০ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে কো-অপাৰেটিভ ছ’চাইটিৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক মুক্তাৰ আলী। এজন লোকৰ পৰা ১০ হাজাৰ টকা দাবী কৰিছিল কো-অপাৰেটিভ ছ’চাইটিৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক মুক্তাৰ আলীয়ে। কো-অপাৰেটিভ ছ’চাইটিৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়কজনে উৎকোচ দাবী কৰা লোকজন কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ।

লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতি কৌশলেৰে জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত কো-অপাৰেটিভ ছ’চাইটিৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক মুক্তাৰ আলীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। কো-অপাৰেটিভ ছ’চাইটিৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক মুক্তাৰ আলীয়ে প্ৰথমে ১৭ হাজাৰ টকা দাবী কৰিছিল যদিও পৰৱৰ্তী সময়ত ধনৰ পৰিমাণ ১০ হাজাৰলৈ হ্ৰাস কৰে। কো-অপাৰেটিভ ছ’চাইটিৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক মুক্তাৰ আলীৰ কবলৰ পৰা উৎকোচৰ ১০ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে।

দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে কো-অপাৰেটিভ ছ’চাইটিৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক মুক্তাৰ আলীক গ্ৰেপ্তাৰ কৰি এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৬১/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে। ইয়াৰে অধিক সংখ্যক লাট মাণ্ডল। উল্লেখ্য যে বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ এজন উপ পৰিদৰ্শক আৰু দুজন কনিষ্টবল উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছিল।