গুৱাহাটী, ১১ আগষ্ট, ২০২৩ : মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা। শাসকীয় বিজেপি দলৰ এগৰাকী শীৰ্ষ নেত্ৰীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে। বিজেপি নেত্ৰী গৰাকীৰ অন্তৰংগ ফটো ভাইৰেল (Intimate Photo) হোৱাৰ পিছতে চৰম সিদ্ধান্ত গ্ৰহণ কৰে বিজেপিৰ নেত্ৰী গৰাকীয়ে।

এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনাই ৰাজ্যিক বিজেপিত সৃষ্টি কৰিছে জোকাৰণী। ৰাজ্যিক বিজেপিৰ এগৰাকী শীৰ্ষ নেত্ৰীৰ আত্মহত্যাই শাসকীয় দলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিজেপিৰ নেত্ৰী গৰাকীৰ দলটোৰে এগৰাকী শীৰ্ষ নেতাৰ লগত অন্তৰংগ ফটো ভাইৰেল হোৱাৰ পিছতে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে নেত্ৰী গৰাকীয়ে।

বিজেপিৰ কৃষাণ মৰ্চাৰ সম্পাদিকা আছিল আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰা ইন্দ্রানী তহবিলদাৰ। উজনি অসমৰ বিজেপিৰ এগৰাকী শীর্ষ নেতাৰ লগত অন্তৰংগ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছিল ইন্দ্ৰানী তহবিলদাৰৰ। বিজেপিৰ নেতা গৰাকী ইন্দ্ৰানী তহবিলদাৰৰ ঘৰতে ভাড়া আছিল বুলি জানিব পৰা গৈছে।

ইন্দ্রাণী তহবিলদাৰৰ ঘৰ মহানগৰীৰ বামুণীমৈদামত। নিজ বাসগৃহতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় ইন্দ্রাণী তহবিলদাৰৰ মৃতদেহ। বিজেপিৰ কৃষাণ মৰ্চাৰ সম্পাদিকাৰ লগতে চেম্বাৰছ অৱ কমাৰ্ছৰ উপ-সভানেত্ৰী আছিল ইন্দ্ৰানী তহবিলদাৰ। সামাজিক মাধ্যমত ফটো ভাইৰেল হোৱাৰ বাবেই বিজেপিৰ কৃষাণ মৰ্চাৰ সম্পাদিকা গৰাকীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

ঘটনা খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইন্দ্ৰানী তহবিলদাৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আছে ইন্দ্ৰানী তহবিলদাৰৰ মৃতদেহ। বিজেপিৰ কৃষাণ মৰ্চাৰ সম্পাদিকা গৰাকীৰ আত্মহত্যাৰ ঘটনাই ৰাজ্যিক বিজেপিত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।