গুৱাহাটী,২৫ এপ্ৰিলঃ  ৰাজ্যৰ কংগ্ৰেছত আন এক মোক্ষম আঘাত হানি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন মুখপাত্ৰ তথা সদৌ অসম বাঙালি যুৱ ছাত্র ফেডাৰেচনৰ মুখ্য উপদেষ্টা সুকুমাৰ বিশ্বাসে কংগ্ৰেছৰ প্ৰাথিমক সদস্য পদৰ পৰা পদত্যাগ কৰে৷ উল্লেখ্য যে বিশ্বাসে বিগত ২২ বছৰ বাঙালি জাতিৰ সৰ্ববৃহৎ জাতীয় সংগঠন সদৌ অসম বাঙালি যুৱ ছাত্র ফেডাৰেচনৰ বিভিন্ন পদবীত নিষ্ঠা সহকাৰে কাম কৰি অবশেষত বিগত ১২ বছৰ কাল কেন্দ্রীয় সভাপতিৰ দায়িত্ব পালন কৰি যোৱা ২০১৬ চনৰ ৯ জানুৱাৰী তাৰিখে নগাঁও অধিবেশনত তাৎক্ষণিকভাবে অৱসৰ লৈ দলীয় শীর্ষ নেতৃত্বৰ বিভিন্ন জাতীয় ও সামাজিক প্রতিশ্রুতিত ভোল গৈ ৩ দিন মান পিছতে অর্থাৎ ১২ জানুৱাৰী তাৰিখে গুৱাহাটীস্থিত ৰাজীব ভৱনত কেন্দ্রীয় সমিতিৰ ১২ গৰাকী সদ্য প্রাক্তন কেন্দ্রীয় পদাধিকাৰী আৰু বাকো সমষ্ঠিৰ প্ৰায় ১৫ শতাধিক দলীয় নেতাকমীৰ উপস্থিতিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছিল। তদানীন্তন অসমৰ মুখ্যমন্ত্রী তৰুণ গগৈ, প্রদেশ কংগ্ৰেছৰ তদানীন্তন সভাপতি প্রয়াত অঞ্জন দত্ত, মন্ত্রী ছিদ্দিক আহমেদ, সাংসদ সুস্মিতা দেব আদি নেতৃবৃন্দৰ উপস্থিতিত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত বিশ্বাসে এইবুলি উল্লেখ কৰে যে বৰ্তমানৰ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই আঁত ধৰা উক্ত সভাখনত তেওঁক “হিমন্ত বিশ্ব গৈছে, সুকুমাৰ বিশ্ব আহিছে” বুলিও সদম্ভে ঘোষণা কৰাকে ধৰি বিভিন্ন ধৰণে প্রশংসাৰে উপচাই পেলাইছিল। কিন্তু সেই সুকুমাৰ বিশ্বাসক হাইকমাণ্ড (?) সকলে বাছি দিয়া সমষ্টিত পৰা “গাধৰ খাটনি খটুৱাই, টকা পইচা খৰচ কৰায়”নিশাৰ ভিতৰতে টিকটৰ পৰা বঞ্চিত কৰিলে। তথাপি সেয়া ব্যক্তিগত ক্ষতি মানি লৈ কোনো ক্ষোভ ব্যক্ত নকৰাকৈ মনে মনে থাকিল। অজানিতে প্রদেশ কংগ্ৰেছৰ মুখপাত্র পদো কাঢ়ি নিয়া হল। তথাপি কোনো প্রতিবাদ কৰা নাছিল। আনহাতে বিগত কেবামাহ ধৰি কংগ্ৰেছ দলটোৰ বাঙালি বিৰােধী চৰিত্ৰই তেওঁক সচকিত কৰি তোলা বুলি দাবী কৰে৷ আছুসহ বিভিন্ন জাতীয় সংগঠনক প্রত্যহ্বান জনাই হিন্দু শৰণাৰ্থীৰ সপক্ষে ২০১২ চনৰ ২০ এপ্রিল তাৰিখে তদানীন্তন ভাৰতৰ প্রধানমন্ত্রী ড” মনমোহন সিঙক কেবিনেট স্মাৰক প্রদান কৰা, ২০১৪ চনত ১৬ জুলাই তাৰিখে কেবিনেট সিদ্ধান্ত প্ৰেৰণ কৰা প্রাক্তন মুখ্যমন্ত্রী গৰাকীয়ে সৌ সিদিনা কেবল বাংলাদেশী হিন্দুৱেই নহয়, গোটেই বাঙালি হিন্দুৰ বিৰুদ্ধেই গৰজি উঠা দেখা গ’ল। এনেকি চিলাপথাৰ কাণ্ডক লৈ ৰাজ্যৰ বিভিন্ন প্রান্তৰ বাঙালি হিন্দুৰ ওপৰত চলা অত্যাচাৰ বন্ধৰ আহ্বান জনােৱাতো দূৰৰ কথা বৰং কংগ্ৰেছ নেতৃবৃন্দৰ বক্তব্যত ইন্ধন যুগুৱাহে পৰিলক্ষিত হ’ল। য’ত আছুৰ দৰে সংগঠনে এই ক্ষেত্ৰত ইতিবাচক ভূমিকাহে লোৱা দেখা গ’ল। যি দলত নিজৰ জাতিৰ প্ৰতি অহৰ্নিশ ভাবুকি, ৰাজনৈতিক ক্ষেত্ৰত অপমানৰ প্রতিনিয়ত আশংকা, যি দলৰ প্ৰতি দলীয় নেতাকমীৰে আস্থা দিনক দিনে নাইকিয়া হৈ গৈ আছে, যিদলত জেষ্ঠ্য নেতাক অৱজ্ঞা কৰা হয়, সেই দলত তেওঁৰ দৰে নতুন কর্মী লাঞ্ছিত-বঞ্চিত-অপমানিত হােৱাটাে তেনেই স্বাভাৱিক বুলি পদত্যাগ পত্ৰত উল্লেখ কৰে। সেয়ে ১৪৬৯ দিন কংগ্ৰেছ দলত থাকি “স্বাভিমান থকা দলীয় নেতাকমী কংগ্ৰেছ দলত বেছিদিন তিষ্ঠি থাকিব নোৱাৰে। ইয়াত ‘গোলামেহে আজীবন থাকিব পাৰে” বুলি ধাৰণা কৰাৰ লগতে এক তিক্ত অভিজ্ঞতা বুলি সদৰি কৰে৷ যি দলত জাতিৰ অধিকাৰক লৈ ভেঙুচালি কৰা হয়, ৰাজ্যৰ সমস্যাক লৈ হেথালি খেলা হয়, স্বাভিমানত আঘাত হানা হয়, সেই দলত আমাৰ দৰে জাতীয় কৰ্মী, অসম প্রেমী স্বাভিমানী লোক তিষ্ঠি থাকিব নোৱাৰাটাে তেনেই স্বাভাবিক বুলি ক্ষোভ প্ৰকাশ কৰি আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্রাথমিক সদস্য পদৰ পৰাই পদত্যাগ কৰে বুলি পদত্যাগ পত্ৰত উল্লেখ কৰে৷