নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ আগষ্ট : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমক চিবিআইয়ে গ্ৰেপ্তাৰ কৰি সম্প্ৰতি নিজৰ জিম্মাত ৰাখিছে । ইফালে চিবিআইৰ লগতে ইডিয়েও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছিল।
পিছে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে পি চিদাম্বৰমৰ এক আবেদন গ্ৰহণ কৰে আৰু সোমবাৰলৈকে প্ৰাক্তন মন্ত্ৰীগৰাকীক ইডিয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি এক নিৰ্দেশ জাৰি কৰে ।
উল্লেখযোগ্য যে আই এন এক্স মিডিয়া কেলেংকাৰীত উচ্চতম ন্যায়ালয়ত অগ্ৰিম জামিন খাৰিজ কৰাৰ পিছতে বুধবাৰে নিশা প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ আটক কৰে চি বি আই আৰু ই ডিৰ দলে। গ্ৰেপ্তাৰৰ পাছতে কংগ্ৰেছৰ বহুনেতাই বিজেপিৰ ওপৰত আঙুলি তুলিছে যে এয়া হৈছে এক ৰাজনীতি ষড়ষন্ত্ৰ। আন এক মহলত চৰ্চা চলিছে যে ১০ বছৰৰ পূৰ্বে হোৱা এক ঘটনাৰ পোতক তুলিলে বিজেপিয়ে।