পলাশবাৰী , সংবাদ ৩৬৫, ১৫ মাৰ্চ : এটি ৰাজহুৱা পুখুৰী । পুখুৰীটোলৈ সমাগম ঘটিছে যথেষ্ট সংখ্যক মানুহৰ। সকলোৰে হাতে হাতে ধুপ-ধুনা,চাকি,গাখীৰ । কাৰণ এই পুখুৰীটোত মাটি ফুটি ওলাইছে মহাদেৱ বাবা ।

উক্ত ঘটনাটো হৈছে দক্ষিণ কামৰূপৰ পলাশবাৰী খতিয়ামাৰী বাকাৰাপাৰাত। এই ৰাজহুৱা পুখুৰীটোত এনৰেগাৰ অধীনত জবকাৰ্ডৰ কৰ্মী সকলে কাম কৰি থকা অৱস্থাত এজন কৰ্মচাৰীয়ে হঠাৎ প্ৰত্যক্ষ কৰে মাটিৰ পৰা ওলাই অহা মহাদেৱৰ মূৰ্ত্তিটো । লগে লগে বনজুইৰ দৰে বিয়পি পৰে খবৰটো । মূৰ্ত্তিটো চাবলৈ হেতা ওপৰা লাগে ভক্তৰ । লানি নিচিগা সোঁত বয় ভক্তৰ । ভক্তই মূৰ্ত্তিটোৰ ওচৰতে ধূপ-ধূনা, চাকি-বন্তি জ্বলাই মূৰ্ত্তিটোৰ ওপৰত গাখীৰ ঢলাও পৰিলক্ষিত হৈছে।

এই সমগ্ৰ ঘটনাই বৰ্তমান ৰাইজৰ মাজত সৃষ্টি কৰিছে এক কৌতুহলৰ । অৱশ্যে ৰাইজে এনেদৰে মাটিৰ মূৰ্ত্তিটোক ভগৱান বুলি বিশ্বাস কৰি লোৱা কাণ্ডই এক অন্ধবিশ্বাসৰ সৃষ্টি কৰিছে ।