গুৱাহাটী, সংবাদ৩৬৫, ১৫ মাৰ্চ : ভাৰতীয় গণনাট্য সংঘৰ ৭৫ বৰ্ষপূৰ্তিত ১৭ মাৰ্চ,২০১৯ তাৰিখ দেওবাৰে দীঘলী পুখুৰীৰ লক্ষ্মীধৰ বৰা ক্ষেত্ৰত দিনযোৰা কাৰ্যসূচীৰে ভাৰতীয় গণনাট্য সংঘ আৰু প্ৰগতিশীল অনুষ্ঠান, প্ৰতিষ্ঠান তথা ব্যক্তিৰ সহযোগত প্লেটিনাম জুবলী সমাৰোহৰ আয়োজন কৰা হৈছে। সেই উপলক্ষে উদযাপন সমিতিয়ে শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰে।

সংবাদমেলত তেওঁলোকে কয় যে গণনাট্যৰ ইতিহাস আমাৰ দেশৰ গণ সংস্কৃতি আন্দোলনৰ এক অভিন্ন অংশ স্বৰূপ। ঐতিহ্য আৰু পৰম্পৰাৰ ভিত্তিত যুগসন্মত কলা পূৰ্ণ নিৰ্মাণত আত্মনিয়োগ কৰি সামাজিক,সাংস্কৃতিক পৰিৱৰ্তনৰ হকে জন-জাগৰণ আনিবলৈ সমৰ্থ হৈছিল ভাৰতীয় গণনাট্য সংঘৰ।

“কলা জীৱনৰ বাবে” – এই বাক্যশাৰীৰ যথাৰ্থতা গণনাট্যৰ কৰ্মীসকলে কলা আৰু সৌন্দৰ্যশাস্ত্ৰৰ বিপৰীতমুখী এক নতুন দৃষ্টিভংগীৰ বিকাশ সাধন কৰে। ইয়াৰোপৰি সংঘই ভাৰতীয় ৰংগমঞ্চত এক নতুন দিনৰ উন্মোচন ঘটাই জনতাৰ দুখ,বেজাৰ,আশা,শিল্প কৰ্মৰ লগত সংযুক্ত কৰি এক আশা ব্যঞ্জক সংস্কৃতি নিৰ্মানত অগ্ৰণী ভূমিকা পালন কৰি আহিছে।

১৭ মাৰ্চৰ প্লেটিনাম জুবলী সমাৰোহলৈ জ্যেষ্ঠ শিল্পীসকলৰ উপৰিও সাংস্কৃতিক কৰ্মী তথা সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা উদ্যোগক্তা সকলে সংবাদমেলৰ যোগেৰে কামনা কৰিছে।