দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ৩১ আগষ্ট : দক্ষিণ কামৰূপৰ উদ্যোগ নগৰী পলাশবাৰীৰ অজন্তা ফাৰ্মত অঘটন । বিদ্যুৎপৃষ্ঠ হৈ সংঘটিত হোৱা অগ্নিকাণ্ডত দুজন কৰ্মচাৰীৰ মৃত্যু । ঘটনাক লৈ তীব্ৰ উত্তেজনা সৃষ্টি হৈছে সমগ্ৰ পলাশবাৰী অঞ্চলত । ভাঙি তচ-নচ কৰিলে উদ্যোগৰ সা-সামগ্ৰী।

প্ৰাপ্ত খবৰ অনুসৰি পলাশবাৰীস্থিত অজন্তা ফাৰ্মা নামৰ এটি ঔষধ নিৰ্মান উদ্যোগত আজি পুৱতিনিশা প্ৰায় ৪:৩০ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে । এই অগ্নিকাণ্ডত নিহত হয় মিৰ্জা বজাৰাপাৰাৰ জিটু দাস আৰু মাজকুচিৰ মহেশ ঠাকুৰীয়া নামৰ দুজন কৰ্মচাৰী ।

স্থানীয়লোকৰ ভাষ্য অনুসৰি উদ্যোগ কৰ্তৃপক্ষৰ গাফিলটিৰ বাবে সংঘটিত হয় এই অগ্নিকাণ্ড । উদ্যোগৰ ভিতৰত আৱদ্ধ হৈ থকা কৰ্মচাৰীসকলক উদ্ধাৰৰ বাবে স্থানীয়লোকসকল উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছিল যদিও উদ্যোগ কৰ্তৃপক্ষই তেওলোকক প্ৰৱেশত বাধা প্ৰদান কৰে যাৰফলত কৰুণ মৃত্যুক আকোৱালি ল’লে এইদুজন যুৱ কৰ্মচাৰীয়ে ।

উদ্যোগ কৰ্তৃপক্ষৰ মইমতালিত অতিষ্ঠ হৈ আৰু দুজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰিয়ে উদ্যোগটোত সৃষ্টি হ’ল উত্তেজনাময় পৰিস্থিতিৰ । সহস্ৰাধিক উত্তেজিত লোক ওলাই আহি এফালৰ তচ-নচ কৰি গ’ল অজন্তা ফাৰ্মা নামৰ উদ্যোগটোৰ আচ-বাব সমুহ । ভাঙি লণ্ড-ভণ্ড কৰিলে উদ্যোগটোৰ সামগ্ৰীৰ লগতে ৩খনকৈ বিলাসী বাহন । উত্তেজিত জনতাক নিয়ন্ত্ৰন কৰাৰ বাবে ঘটনাস্থলীত মোটায়েন কৰা হয় আৰক্ষী,অৰ্ধসামৰিক বাহিনী ।

এই ঘটনাৰ বুজ ল’বলৈ ঘটনাস্থলীত কামৰূপ জিলা উপায়ুক্তকে ধৰি উচ্চ পদস্থ বিষয়া উপস্থিত হয় । অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই উদ্যোগত অগ্নিনিৰ্বাপনৰ ক্ষেত্ৰত দুৰ্বলতা থকা বুলি জনাই । লগতে জিলা উপায়ুক্তই উদ্যোগটোত সংঘটিত হোৱা এই ঘটনাৰ বুজ লোৱাৰ লগতে ক্ষতিপুৰণ দিয়া সন্দৰ্ভতো আলোচনা কৰিব বুলি জনোৱাৰ লগতে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে ।

প্ৰশ্ন হয় কৰ্মচাৰীৰ সুৰক্ষাক আওকান কৰি নিজৰ মইমতালিত চলি অহা এইসমূহ উদ্যোগক নাকি লগাবলৈ কি ব্যৱস্থা গ্ৰহন কৰিব চৰকাৰ তথা প্ৰসাশনে ?