ৰঙিয়া, সংবাদ ৩৬৫, ৩১ আগষ্ট : বহু প্ৰতীক্ষাৰ অন্তত শনিবাৰে প্রকাশ পালে এন আৰ চিৰ চূড়ান্ত তালিকা । অসমীয়াৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ দলিলক লৈ উৎসাহৰ অন্ত নাই ৰাজ্যবাসীৰ । কিন্তু ইয়াৰ মাজতে চিম্তিত হৈ পৰিছে এটা ৰঙিয়াৰ বঢ়মপুৰ গাঁৱৰ এটা বিশেষ পৰিয়াল । এই পৰিয়ালটো হৈছে দেশৰ পঞ্চমজন ৰাষ্ট্ৰপতি প্ৰয়াত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ ।

১৯৬০ চনৰ পৰাই উক্ত অঞ্চলতে বসবাস কৰি আহিছে প্ৰয়াত ৰাষ্ট্ৰপতি গৰাকীৰ পৰিয়াল । কিন্তু তাৰ পিছতো পৰিয়ালৰ কোনো সদস্যৰে নাম অন্তৰ্ভূক্ত নহল এন আৰ চিৰ চূড়ান্ত তালিকাত । ইয়াক লৈ এতিয়া চিম্তিত হৈ পৰিছে ফখৰুদ্দিন আলী আহমেদৰ ভতিজা জিয়াউদ্দিন আলী আহমেদৰ পৰিয়াল ।

ইফালে বছৰ বছৰ ধৰি এই পৰিয়ালটোৱে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে । কেৱল ইমানে নহয় ফখৰুদ্দিন আলী আহমেদৰ পিতৃয়ে এহেজাৰ বিঘা মাটিও ক্ৰয় কৰিছিল এই বঢ়মপুৰ গাঁৱতে । কিন্তু তাৰ পিছতো ফখৰুদ্দিন আলী আহমেদৰ ভতিজা জিয়াউদ্দিন আলী আহমেদে এন আৰ চিৰ বাবে প্ৰয়োজনীয় লিগেচী ডাটা দাখিল কৰিব নোৱাৰা বাবে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ পৰিয়াল নাম এন আৰ চিত অন্তৰ্ভুক্ত নহল ।

প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ ভতিজা পৰিয়ালটোৱে এতিয়া সহায় বিচাৰিছে চৰকাৰৰ । যদি ইয়াৰ পিছতো প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ ভতিজা পৰিয়ালে এন আৰ চিৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ জমা কৰিব নোৱাৰে তেন্তে আপোন ৰাজ্যতে বিদেশীৰ দৰে থাকিব লাগিব নেকি ? স্বদেশী হৈ বিদেশীৰ দৰে জীৱন কটাবলগীয়া হব নেকি ? তেনে বহু প্ৰশ্নই উদয় হৈছে এতিয়া ।