মুকালমুৱা, ২১ আগষ্টঃ পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজালে অসম গণ পৰিষদে৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ তাপাবড়ী বৰতলা-জয়সাগৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত তাপাবড়ী প্ৰাথমিক বিদ্যালয়ত অসম গণ পৰিষদৰ এখন সভা অনুষ্ঠিত হয়৷ অসম গণ পৰিষদ নলবাৰী জিলাৰ উপ-সভাপতি যোগোদা চৰণ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বৰক্ষেত্ৰী সমষ্টিৰ বৰভাগকে ধৰি ১৯ খন আঞ্চলিক পঞ্চায়তৰ সভাপতি-সম্পাদকসহ পাঁচ শতাধিক নেতা-কৰ্মী সকল উপস্থিত থাকে৷ অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতা আক্ৰাম হুছেইনে সভাত আগন্তক পঞ্চায়ত নিৰ্বাচনত পৰিষদে অকলেই যুঁজি ক্ষমতা দখল কৰিব বুলি মন্তব্য কৰে৷ তেওঁ কংগ্ৰেছ পোন্ধৰ বছৰীয়া আৰু বিজেপিৰ পোন্ধৰ মাহৰ শাসনত জনসাধাৰণ অতিষ্ঠ হৈ পঞ্চায়ত নিৰ্বাচনত পৰিষদকে আকোঁৱালি ল’ব বুলি আশা ব্যক্ত কৰে৷ আগন্তক পঞ্চায়ত নিৰ্বাচনত বৰক্ষেত্ৰী সমষ্টিত বিৰোধীক কি দৰে প্ৰতিহত কৰিব পাৰি সেই সংক্ৰান্ততো সবাত বহু গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়৷ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি চলোৱাৰ উদ্দেশ্যে ৬০ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বাবে এখন নিৰ্বাচনী সমিতিও গঠন কৰা হয়৷