সোনাপুৰ, ২১ আগষ্টঃ মহানগৰী সোনাপুৰৰ মালৈবাৰীত বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলাতিৰ যিকোনো মূহূৰ্ততে ভয়াবহ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে। মালৈবাৰীত বিদ্যুৎ বিভাগে বিদ্যুৎ পৰিবাহী খুঁটাৰ পৰিবৰ্তে কাঠৰ খুঁটা, বাঁহৰ খুঁটা তথা গছেৰে সৰবৰাহ কৰা হৈছে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ৷ ৰাজ্যত বহু লোকে বিদ্যুৎ পৃষ্ট হৈ অকাল মৃত্যুক সাঁৱতি লোৱাৰ পাছতো যেন গা লৰা নাই বিদ্যুৎ বিভাগৰ।  সোনাপুৰৰ মালৈবাৰীত  বিদ্যুত বিভাগৰ  ট্ৰান্সফোৰ্মাৰৰ লগতে উচ্চ ক্ষমতা সম্পন্ন তাঁৰসমূহ উন্মুক্ত অৱস্থাত থকাত স্থানীয় লোকৰ জীৱন সম্পতিলৈ ভাবুকি কঢ়িয়াই আনিছে৷ প্ৰায় ১১,০০০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ যিকোনো মুহুৰ্ততে গছ তথা অস্থায়ী বাঁহৰ খুটাৰ পৰা পৰি মানুহৰ লগতে জীৱ জন্তুৰ অকাল মৃত্যু হ’ব পাৰে। প্ৰাপ্ত তথ্য মতে, বিদ্যুত বিভাগৰ কমৰ্চাৰী মালৈবাৰীলৈ নহাৰ সুযোগ লৈ স্থানীয় লোকে বিদ্যুত চুৰ কৰি ব্যৱহাৰ কৰি আহিছে।