মুকালমুৱা, ২০ জুনঃ এগৰাকী বিবাহিত চলোৱা কাৰ্য্যই সমগ্ৰ মুকালমুৱাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বালিকুচি গাওঁৰ নচিব আলীৰ পত্নী তথা ৩ বছৰীয়া কন্যাৰ মাতৃক স্বামীয়ে নিজ গৃহতে গাত কেৰাচিন ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰিছিল৷ মহিলাগৰাকীয়ে অভিযোগ কৰা মতে লম্পদ স্বামীয়ে প্ৰায়ে পত্নীক যৌতুক বিচাৰি অকথ্য নিৰ্যাতন চলাইছিল আৰু স্বামীয়ে যৌতুকৰ বাবেই পত্নীক গাত কেৰাচিন ঢালি জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা কৰিছিল৷ মহিলাগৰাকীৰ গাত কেৰাচিন ঢালি জ্বলোৱাৰ চেষ্টা কৰাৰ সময়তে মহিলাগৰাকীয়ে অতি কৌশলেৰে কথমপি পলায়ন কৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়৷ মহিলা গৰাকীয়ে কেৰাচিন ঢলা কাপোৰ পৰিধান কৰিয়েই মুকালমুৱা আৰক্ষী থানাত উপস্থিত হৈ স্বামী নচিব আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ ইতিমধ্যে মুকালমুৱা আৰক্ষীয়ে মহিলা গৰাকীৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷  স্বামী নচিব আলীয়ে বৰ্তমান পলাতক অৱস্থাত আছে৷