গুৱাহাটী, ২০জুনঃ শক্তিপীঠ কামাখ্যা মন্দিৰত অহা ২২ জুনৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত হ’বলগীয়া মহা অম্বুবাচী মেলাৰ উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰস্তুতি সৰ্ম্পূণ কৰি তুলিছে৷ অম্বুবাচী মেলাখন যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ কাৰণে কামৰূপ জিলা প্ৰশাসন, মহানগৰ আৰক্ষী, পৰ্যটন, স্বাস্থ্য, বিদুৎ, জনস্বাস্থ্য কাৰিকৰী, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ, গুৱাহাটী পৌৰ নিগমে বিশেষ তৎপৰতা অব্যাহত ৰাখিছে৷ সমান্তৰালভাবে কামাখ্যা বৰদেউৰী সমাজ, অম্বুবাচী মেলা পৰিচালনা সমিতিকে ধৰি পূজা আয়োজন কমিটিয়ে সকলো প্ৰকাৰৰ প্ৰস্তুতি সৰ্ম্পূণ কৰি তুলিছে৷ অম্বুবাচী মেলাৰ অন্যতম আয়োজক কামৰূপ মহানগৰ জিলা প্ৰশাসনে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মেলাখনত পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ লগতে পৰিবেশ সংৰক্ষণৰ প্ৰতিও বিশেষ দৃষ্টি ৰাখিছে৷ ইয়াৰেই অংশ হিচাপে জিলা উপায়ুক্ত ড০ এম অংগমুথুৰ বিশেষ তৎপৰতাত মেলাখনত ভক্তৰ আশ্ৰয় শিবিৰ, মন্দিৰৰ চৌহদ আৰু মন্দিৰলৈ যোৱাৰ পথত স্থাপন কৰা হ’ব বাঁহেৰে নিৰ্মিত ডাষ্টবিন৷ উপায়ুক্তৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় ৰাজ্যখনৰ পৰ্যটন খণ্ডৰ উন্নয়ন আৰু পৰিবেশ সংৰক্ষণৰ হকে কাম কৰা অগ্ৰণী সংগঠন ৰংমন ট্যুৰিজিমে নিৰ্মাণ কৰিছে ৫০০ টা বাঁহৰ ডাষ্টবিন৷ সংগঠনটোৰ সভাপতি বলেন ৰংপীয়ে জানিবলৈ দিয়া মতে ডাষ্টবিন সমূহ দীপৰ বিলৰ গাতে লাগি থকা চকৰ্দো, দেওঁচতাল, কলিতাপাৰাত প্ৰায় দুই সপ্তাহ ধৰি ২০-২২ জনীয়া স্বেচ্ছাসেৱকে সমূহীয়াভাবে লগ-লাগি নিৰ্মাণ কৰিছে৷ আজি দুপৰীয়া উপায়ুক্তৰ নিৰ্দেশত ডাষ্টবিনখিনি গাড়ীৰে কঢ়িয়াই আনি সোণাৰাম হাইস্কুলৰ খেলপথাৰত প্ৰশাসনীয় বিষয়াক অৰ্পন কৰা হয়৷ অহা ২১ জুনৰ বিয়লিৰ পূৰ্বে ডাষ্টবিনসমূহ ভক্ত থাকিবলগীয়া ৮ টা শিবিৰ, মন্দিৰ অভিমুখী পথ আৰু মন্দিৰৰ চৌহদত ভক্তৰ ব্যৱহাৰৰ বাবে স্থাপন কৰা হ’ব বুলি প্ৰশাসনীয় সূত্ৰই জানিবলৈ দিয়ে৷