গুৱাহাটী : ৰাজ্যজুৰি ভোগৰ উৎসৱ ভোগালীকলৈ উখল মাখল পৰিৱেশ। মেজিৰ বাকৰিত এসাজ খোৱাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ। উৰুকা উদযাপনৰ ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই গুৱাহাটী মহানগৰবাসী। পুৱাৰ ভাগৰে পৰা মহানগৰীৰ বজাৰ সমূহত উৰুকাৰ সাজৰ বাবে বিভিন্ন সামগ্ৰী ক্ৰয় কৰাত ব্যস্ত মহানগৰীবাসী। বিশেষকৈ মাছৰ বজাৰ সমূহত দেখিবলৈ পোৱা যায় মহানগৰবাসীৰ ব্যাপক ভিৰ।

উজান বজাৰস্থিত মাছৰ বজাৰত পুৱাৰ ভাগত উৰুকাৰ সাজৰ বাবে মাছ ক্ৰয় কৰিবলৈ ওলাই আহে হাজাৰ হাজাৰ লোক। মৰিগাঁও, হাজো, নলবাৰী, ৰঙিয়া, বৰপেটা আদি অঞ্চল সমূহৰ পৰা মাছেৰে উভৈ নদী হৈ পৰে উজান বছৰৰ মাছৰ বজাৰ। ৰৌ, ভকুৱা, চিতল, আৰি মাছৰ উজান উঠে পুৱাৰ ভাগত উজান বজাৰৰ মাছৰ বজাৰত। উজান বজাৰ মাছৰ বজাৰত ৰৌ, বৰালি, চিতল, ভকুৱা কিনি মহানগৰবাসী উৰুকা পালনৰ প্ৰস্তুতিত ব্যস্ত হৈ থকাৰ দৃশ্য দেখিবলৈ পোৱা যায় পুৱাৰ ভাগত। কোনোবাই ৫ কেজি ওজনৰ ৰৌ, কোনোবাই চিতল, কোনোবাই আকৌ বৰালি কিনিলে নিশা তৃপ্তিৰে এসাজ খোৱাৰ বাবে।

মহানগৰীৰ লগতে ভোগালী উপলক্ষে উজনি নামনিৰ মাছৰ বজাৰ সমূহতো দেখিবলৈ পোৱা যায় অনুৰূপ দৃশ্য। নামনি অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ সমীপৱৰ্তী ঐতিহাসিক তামৰঙা বিলৰ মাছৰ বাজাৰটো।পৰিলক্ষিত হয় মাছ কিনাৰ বাবে ৰাইজৰ ভিৰ। উৰুকা উপলক্ষে প্ৰতিবছৰে গুৱাহাটী মহানগৰীৰ লগতে নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি মাছ ক্ৰয় কৰাৰ বাবে তামৰঙা বিলত ভিৰ কৰা পৰিলক্ষিত হয়। মাছৰ বজাৰ সমূহত মাছ ক্ৰয় কৰাৰ সমান্তৰালে বিভিন্ন অঞ্চলত উৰুকাৰ নিশাৰ এখাজৰ বাবে বিভিন্ন নদী, বিল, জলাশয় সমূহত মাছ ধৰিবলৈ ওলাই আহে হাজাৰ হাজাৰ লোক।

নগাঁও, মৰিগাঁও জিলাৰ নৈ, জলাশয় সমূহত পুৱাৰ ভাগত সমূহীয়া মাছ ধৰিবলৈ ৰাইজ ওলাই অহাৰ লগতে এই মাছ ধৰাৰ দৃশ্য প্ৰত্যক্ষ কৰিবলৈ বহু লোকৰ সমাগমো পৰুলক্ষিত হয়। ইফালে ৰাজ্যৰ ক’ভিডসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুৰ্বৰ তুলনাত বজাৰ সমূহত ৰাইজ সমাগম কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে যদিও ভোগালীৰ নিশা সকলো একেলগে মিলিত হৈ এসাজ খোৱাৰ বাবে বজাৰৰ পৰা মাছ, হাঁহ, কুকুৰা ক্ৰয় কৰাত ব্যস্ত ৰাইজ। ক’ভিড নীতি-নিৰ্দেশনা মানি ৰাইজে ভোগৰ উৎসৱ ভোগালী পালনৰ বাবে সম্পূৰ্ণ সাজু।